বিৰাট ধুমুহা! গাংগুলী-ছাংগাকাৰাক অতিক্ৰম কৰি বিশ্ব ক্ৰিকেটত ইতিহাস ৰচিলে বিৰাট কোহলীয়ে
নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত জয়লাভ কৰি ভাৰতে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। খেলখনত ৯৩ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলি ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেইবাটাও নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে।
বিৰাট কোহলীৰ বাবে এয়া আছিল ৩০৯ সংখ্যক এদিনীয়া মেচ। ইয়াৰ সৈতে তেওঁ ভাৰতীয় প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীক (৩০৮ খন মেচ) অতিক্ৰম কৰি সৰ্বাধিক এদিনীয়া খেলা ভাৰতীয় খেলুৱৈৰ তালিকাত পঞ্চম স্থানলৈ উন্নীত হয়। বৰ্তমান এই তালিকাৰ শীৰ্ষত আছে ক্ৰমে: শচীন তেণ্ডুলকাৰ: ৪৬৩ খন মেচ, এম এছ ধোনী: ৩৪৭ খন মেচ, ৰাহুল দ্ৰাবিড়: ৩৪০ খন মেচ, মহম্মদ আজহাৰুদ্দিন: ৩৩৪ খন মেচ
উল্লেখ্য যে কেৱল খেলৰ সংখ্যাই নহয়, ৰাণৰ ক্ষেত্ৰতো কোহলীয়ে ইতিহাস সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৮,০১৬ ৰাণ সংগ্ৰহ কৰা শ্ৰীলংকাৰ কিংবদন্তি কুমাৰ ছাংগাকাৰাক অতিক্ৰম কৰি কোহলী এতিয়া বিশ্বৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেন হিচাপে পৰিগণিত হৈছে। বৰ্তমান তেওঁৰ আগত কেৱল শচীন তেণ্ডুলকাৰ (৩৪,৩৫৭ ৰাণ) আছে।
তদুপৰি বিৰাট কোহলীয়ে মাত্ৰ ৬২৪ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৮,০০০ ৰাণ সম্পূৰ্ণ কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। শচীনে এই কৃতিত্ব অৰ্জন কৰিবলৈ ৬৪৪ টা ইনিংছ লৈছিল। ৩৭ বছৰীয়া কোহলীয়ে এইদৰে বিশ্বৰ দ্ৰুততম বেটছমেন হিচাপে নিজৰ নাম পঞ্জীয়ন কৰে।
বৰ্তমান এদিনীয়া ক্ৰিকেটত ৫৩ টা শতক আৰু ৭৬ টা অৰ্ধশতকৰ সৈতে কোহলীৰ মুঠ ৰাণৰ সংখ্যা ১৪,৫৫৭ তকৈও অধিক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হ’বলৈ কোহলীক এতিয়া মাত্ৰ ৯৪ ৰাণৰ প্ৰয়োজন। নিউজীলেণ্ডৰ বিৰুদ্ধে শচীনৰ ১,৭৫০ ৰাণৰ বিপৰীতে কোহলীয়ে ৩৩ খন ইনিংছত ১,৬৫৭ ৰাণ সংগ্ৰহ কৰিছে।
আনহাতে, নিউজীলেণ্ডৰ বিৰুদ্ধে শতকৰ ক্ষেত্ৰত কোহলী বৰ্তমান ৰিকি পণ্টিং আৰু বীৰেন্দ্ৰ ছেহৱাগৰ (৬ টা শতক) সৈতে সমস্থানত আছে। শৃংখলাৰ পৰৱৰ্তী মেচত আৰু এটা শতক অৰ্জন কৰিব পাৰিলেই তেওঁ কিৱি দলৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হ’ব।