NORTHEAST NOW (Assamese)

ইংলেণ্ডৰ বিপক্ষে কোহলীবিহীন ভাৰতীয় দলঃ ব্যক্তিগত কাৰণত অব্যাহতি কোহলীৰ

January 22, 2024 3:53 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২৫ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিপক্ষে পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। ইতিমধ্যে বিচিচিআই- য়ে শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে।

পিছে এই টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে এক সমস্যাত পৰিছে ভাৰতীয় দল। শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ভাৰতীয় দলৰ বেটিং লাইন আপৰ মূল স্তম্ভস্বৰূপ বিৰাট কোহলীয়ে।

এক বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰিছে বিচিচিআই- য়ে। ভাৰতীয় ক্ৰিকেটৰ মুৰব্বী সংস্থাটোৱে উল্লেখ কৰা মতে, ব্যক্তিগত কাৰণত প্ৰথম দুখন টেষ্টত কোহলি দলত উপলব্ধ নাথাকিব।

কোহলীয়ে ব্যক্তিগত কাৰণ উল্লেখ কৰি বিচিচিআইক অব্যাহতি দিবলৈ অনুৰোধ জনায়। কোহলীৰ এই সিদ্ধান্তক সন্মান জনাই বিচিচিআই- য়ে কোহলীক প্ৰথম দুখন টেষ্টত অব্যাহতি দিয়ে।

কোহলীৰ অনুপস্থিতিতো দলৰ আন সদস্যসকলে টেষ্ট শৃংখলাটোত প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াব পৰা ক্ষমতা আছে বুলি আশা প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

বিচিচিআই- য়ে সংবাদ মাধ্যম আৰু অনুৰাগীসকলক এই সময়ছোৱাত কোহলীৰ গোপনীয়তাক সন্মান জনাই তেওঁৰ ব্যক্তিগত কাৰণৰ ওপৰত চৰ্চাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

ইফালে দল নিৰ্বাচক সমিতিয়ে কোহলীৰ অনুপস্থিতিত তেওঁৰ স্থানত আন খেলুৱৈৰ নাম শীঘ্ৰেই ঘোষণা কৰিব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিবৃতিটোত উল্লেখ কৰে।

Related News