NORTHEAST NOW (Assamese)

বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষকে লাভ কৰিলে নতুন গধুৰ দায়িত্ব

December 21, 2020 3:05 pm · এন ই নাও নিউজ

বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাক দিল্লী ৰঞ্জি ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজকুমাৰ শৰ্মাক ২০২০-২১ ঘৰুৱা ছিজনৰ বাবে দিল্লী ৰঞ্জি ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে দিল্লী ক্ৰিকেট এছ’চিয়েশ্যনে।

বিগত বৰ্ষত ৰাজকুমাৰ শৰ্মা দিল্লী ৰঞ্জি ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল আৰু মুখ্য প্ৰশিক্ষক আছিল কে পি ভাস্কৰ।

বিৰাট কোহলীৰ শৈশৱৰ ক্ৰিকেট প্ৰশিক্ষক গৰাকীয়ে ভাৰত চৰকাৰৰ পৰা দ্ৰোণাচাৰ্য্য বঁটা লাভ কৰাৰ লগতে আই চি চি পঞ্জীয়নভূক্ত প্ৰশিক্ষক হিচাপে বহু দলক প্ৰশিক্ষণ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, ৰাজকুমাৰ শৰ্মাৰ প্ৰশিক্ষণতে বিৰাট কোহলীয়ে শৈশৱত দিল্লীত ক্ৰিকেটৰ অ’ আ, ক, খ শিকিছিল।

ভাৰতীয় দলত বিৰাট কোহলী প্ৰথমবাৰ সুযোগ লাভ কৰাৰ সময়তে ৰাজকুমাৰ শৰ্মাই কোহলীক ভবিষ্যতৰ তাৰকা হ’ব বুলি ভবিষ্যতবাণী কৰিছিল।

Related News