NORTHEAST NOW (Assamese)

গুৱাহাটীত বিৰাট কোহলীক অনুৰাগীয়ে উপহাৰ দিলে এখন বিশেষ প’ট্ৰেইট

January 5, 2020 1:35 pm · এন ই নাও নিউজ
ফটো সৌজন্য: বিচিচিআইৰ ভিডিঅ' ক্লিপ

গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টী-২০ খেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীক দেওবাৰে এগৰাকী অনুৰাগীয়ে এক বিশেষ উপহাৰ আগবঢ়ায়।

অনুৰাগী গৰাকীয়ে ভাৰতীয় অধিনায়কগৰাকীক লগ ধৰি  পুৰণি তথা জৰাজীৰ্ণ  মোবাইল ফোন আৰু তাঁৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰি এখন প’ট্ৰেইট উপহাৰ দিয়ে।

ৰাহুল নামৰ এই বিৰাট অনুৰাগী গৰাকীয়ে পাছত সদৰী কৰে যে পট্ৰেইটখন প্ৰস্তুত কৰোতে তেওঁৰ তিনি দিন তিনিৰাতি সময় লৈছিল।

কোহলীয়ে ভাৰতীয় দলটো থকা হোটেলখনত অনুৰাগী গৰাকীক সাক্ষাৎ কৰাৰ পাছত প’ট্ৰেইটখনত স্বাক্ষৰো কৰে।

অনুৰাগীৰ সৈতে বিৰাটৰ এই সাক্ষাতৰ গোটেই কথা খিনি ভিডিঅ’ কৰা হয় আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ ছচিয়েল মিডিয়া পেজত প’ষ্ট কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত-শ্ৰীলংকাৰ মাজত নৱবৰ্ষত টী-২০ আন্তৰ্জাতিক ছিৰিজৰ প্ৰথমখন মেচ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Related News