NORTHEAST NOW (Assamese)
অসম

এই বাবে ৰোহিত শৰ্মাক বিৰাট কোহলীতকৈ ভাল বেটছমেন আখ্যা দিলে ছেহৱাগে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2019 7:02 am
Sehwag and Rohit

বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন টি-২০ খেলত ৮৫ ৰাণৰ বিধ্বংসী ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ।

ছেহৱাগে দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীতকৈও ৰোহিত শৰ্মা বেছি সফল বুলি কয়।

‘দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাই যি ধৰণৰ স্থিৰতা দেখুৱাইছে সেয়া বিৰাট কোহলীতকৈ উৰ্ধত,’ ছেহৱাগে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ৰোহিত শৰ্মাই কেৰিয়াৰৰ ১০০ সংখ্যক টি-২০ খেলত অংশ গ্ৰহণ কৰে আৰু নিজৰ ১০০ সংখ্যক খেলক স্মৰণীয় কৰি মাত্ৰ ৪৩ টা বলত ৮৫ ৰাণ সংগ্ৰহ কৰি ম্যেন অব দ্যা মেচ নিৰ্বাচিত হয়।

আনহাতে, খেলৰ অন্তত ভাৰতীয় দলৰ স্পীনাৰ য়ুবেন্দ্ৰ চহলে লোৱে এটা সাক্ষাৎকাৰত ৰোহিতে তেওঁ এটা অভাৰত একেলগে তিনিটা ছিক্স কোবোৱাৰ পাছত চতুৰ্থ বলতো ছিক্স কোবাব বিচাৰিছিল।

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা তিনিখন খেলৰ টি-২০ শৃংখলাত দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত বাংলাদেশে জয়লাভ কৰাৰ বিপৰীতে ৰজকোটত ভাৰতীয় দলে জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰে।