NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 17, 2025 8:35 pm

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ শুভেচ্ছা জনাইছিল। এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও মোদীক জন্মদিনত ফোন কৰে। বুধবাৰে পুটিনে ফোন কৰি তেওঁক শুভেচ্ছা জনায়। মোদীয়ে নিজৰ এক্স হেণ্ডেলত এই কথা উল্লেখ কৰি কয় যে ইউক্ৰেইনৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে ভাৰত সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু। মন কৰিবলগীয়া যে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোদীক ফোন কৰি জন্মদিনৰ শুভেচ্ছা জনাইছিল।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক – কোনেও পাহৰা নাছিল মোদীৰ জন্মদিনত শুভেচ্ছা জনাবলৈ। মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ জন্মদিনত সকলো বিৰোধী নেতাই তেওঁক শুভেচ্ছা জনাইছে। দীৰ্ঘদিনীয়া ‘বন্ধু’ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয়, ‘দেশৰ মুৰব্বী হিচাপে আপুনি সকলোৰে পৰা সন্মান অৰ্জন কৰিছে। বিশ্ব মঞ্চতো আপোনাৰ যথেষ্ট শলাগ লোৱা হয়। আপোনাৰ নেতৃত্বত ভাৰতে বহু ক্ষেত্ৰত অসাধাৰণ উচ্চতাত উপনীত হৈছে।’ পুটিনৰ মতে, মোদীৰ কৃপাত ৰাছিয়া আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আগবাঢ়িছে।

জন্মদিনৰ বাৰ্তা দি ৰৈ নাথাকিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি। লগতে তেওঁ ‘বাৰ্থডে বয়’ মোদীক ফোন কৰি কথা পাতিলে। প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত ফোন কথোপকথনৰ বিষয়ে পোষ্ট কৰে। তেওঁ লিখিছে, ‘মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ফোন কৰি মোৰ ৭৫ সংখ্যক জন্মদিনত শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জনাইছো। আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। একে সময়তে ইউক্ৰেইনৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু।’

প্ৰসংগক্ৰমে কেৱল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা শাসকীয় দলৰ নেতৃত্বই নহয় বিৰোধী দলৰ নেতাসকলেও প্ৰধানমন্ত্ৰীক শুভেচ্ছাৰে ওপচাই দিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে এজন এজনকৈ সম্ভাষণ জনায়। যোৱা নিশা ৰাষ্ট্ৰপতি ট্ৰাম্পে মোদীক জন্মদিনৰ শুভেচ্ছা জনাইছিল। মোদীয়ে পাছলৈ ‘বন্ধু’ ট্ৰাম্পক ধন্যবাদ জনায়। এইবাৰ তেওঁ পুটিনকো ধন্যবাদ জনায়।

Related News