NORTHEAST NOW (Assamese)
অসম

‘কৰোণাক ভোট দিয়ক’, বিজেপিৰ প্ৰচাৰত বিভ্ৰান্ত জনতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 3:25 pm
a BJP-iansnew_0

যিটো সময়ত কৰোণা অতিমাৰীয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে সেইসময়তে বিজেপিয়ে কৰোণাৰ বাবে ভোট বিচাৰি চলোৱা প্ৰচাৰে এতিয়া বিভ্ৰান্ত কৰিছে বহু জনকে।যি কৰোণাক দূৰতে বিদূৰ কৰিবলৈ মানুহে বিচাৰি আহিছে সেই কৰোণাকে বিজেপিয়ে ভোট দিবলৈ জনোৱা আহ্বানত এতিয়া হতভম্ব বহু লোক।

কিন্তু কৰোণাক ভোট দিবলৈ বিজেপিয়ে পোষ্টাৰ ছপাই আহ্বান জনাইছে যদিও দৰাচলতে এই কৰোণা কোনো ভাইৰাছ নহয়।

এই কৰোণা হৈছে এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীৰ নাম।

আৰু কিছুদিন পিছতেই অনুষ্ঠিত হব কেৰালা পৌৰ সভাৰ নিৰ্বাচন।

a korona12607489

এইবোৰ কেৰালা পৌৰ সভা নিৰ্বাচনত কোল্লাম পৌৰসভা মাথিলিল ৱাৰ্ডৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে ২৪ বছৰীয়া কৰোণা থমাছে।

নিজৰ নামটোৰ বাবে প্ৰায়ে অস্বস্তিত পৰা কৰোণা থমাছে মানুহৰ মাজলৈ গৈ কৈছে—‘মই কৰোণা, মোক ভোট দিয়ক’।

নিজৰ নামটো সন্দৰ্ভত কৰোণাই কয় যে সৰুতে তেওঁৰ পিতৃয়ে নিজৰ সন্তানৰ নাম কিছু ব্যতিক্ৰমী কৰি ৰখাৰ বাবেই কন্যাৰ নাম ৰাখিছিল কৰোণা আৰু পুত্ৰৰ নাম ৰাখিছিল কোৰাল।

এতিয়া পিতৃয়ে হেঁপাহেৰে ৰখা নামটোৱেই মাজে সময়ে অস্বস্তিত পেলাইছে কৰোণা থমাছক।

লক্ষ্যণীয় কথাটো হল কিছুদিন পূৰ্বে কৰোণা থমাছ নিজেও কৰোণাত আক্ৰান্ত হৈছিল।