NORTHEAST NOW (Assamese)

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

January 25, 2019 6:27 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি শিৱসাগৰতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। স্থানীয় যুৱদ’লৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত উপায়ুক্ত গৰাকীয়ে যুৱ ভোটাৰ সকলক ভোটদানৰ গুৰুত্ব আৰু প্ৰয়েজনীয়তা সম্পৰ্কে ৰাজৰ মাজত সজাগতা বৃদ্ধিত সক্ৰিয় ভাৱে জড়িত হবলৈ অহ্বান জনায়।

‘ভোটদান প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ’ বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে সকলো শ্ৰেণীৰ ভোটাৰক মুক্ত, নিকা আৰু শান্তিপূৰ্ণ ভাৱে জাতি ধৰ্ম, বৰ্ণ ভাষা,  সম্প্ৰদায় বা প্ৰলোভনৰ বশৱৰ্ত্তী নোহোৱাকৈ নিৰ্ভয়ে  ভোটদান কৰিবলৈ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে এগৰাকী বয়োজেষ্ঠ ভোটাৰক সম্বৰ্দ্ধনা জনোৱাৰ লগতে উপস্থিত সকলোকে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰায়।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি পুৱা বিদ্যালয়, মহাবিদ্যালয়ৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগীতাত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ে দ্বিতীয় আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে। শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰে।

অনুষ্ঠানত লোহিত আৰ্টচ গোটে ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে এখন চুটি নাট প্ৰদৰ্শন কৰে। অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি সৌমাৰ জ্যোতি মহন্ত আৰু সম্পাদক ইনামূল হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস অনুষ্ঠানত আমগুৰি থাওৰা আৰু শিৱসাগৰ সমষ্টিৰ পৰা একোজনকৈ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়াৰ পৰ্যবেক্ষক আৰু বুথ পৰ্যায়ৰ বিষয়াক তেওঁলোকৰ উৎকৃষ্ট সেৱা প্ৰদানৰ বাবে শ্ৰেষ্ঠত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত নিৰ্বাচনী বিষয়া জগদীশ ব্ৰক্ষ্মই শলাগৰ শৰাই আগবঢ়ায়।

Related News