NORTHEAST NOW (Assamese)
অসম

মাজুলীত কেইবাটাও দল-সংগঠনে জ্বলালে হিমন্তৰ প্ৰতিকৃতি

Posted by: মিটু খাটনিয়াৰ January 25, 2019 5:52 pm

মাজুলীত আজি কেইবাটাও দল-সংগঠনে জ্বলালে হিমন্ত বিশ্ব শর্মাৰ প্ৰতিকৃতি। বৃহস্পতিবাৰে ৰাজ্যৰ বিত্ত, গড়কাপ্টানি, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব বিধেয়কৰ ওপৰত দিয়া ভুল বাখ্যা আৰু সংবাদ মাধ্যমৰ ওপৰত কৰা তীৰ্যক মন্তব্যৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে সমগ্ৰ মাজুলী।

মাজুলীৰ কমলাবাৰীত যুৱ ছাত্ৰ পৰিষদ, মাজুলী জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি হিমন্তৰ প্ৰতিকৃতি দাহ কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত সাব্যস্ত কৰি ‘বিজেপি চৰকাৰ গ’ বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই’ ধ্বনিৰে মাজুলীৰ পৰিৱেশ উত্তাল কৰি তোলে। লগতে প্ৰতিবাদথলীৰ পৰাই মন্ত্ৰী গৰাকীক আজি প্ৰতিবাদকাৰীয়ে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক কুঠাৰাঘাত নকৰিবলৈ সকীয়াই দিয়ে।