NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ পৰা বাদ পৰা ভোটাৰসকলেও পাব ভোট দিয়াৰ অধিকাৰ : নিৰ্বাচন আয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 11:23 am
1533486346-2116-1140x570

নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে এন আৰ চিৰ পৰা বাদ পৰা পঞ্জীকৃত ভোটাৰসকলে ভোটদানৰ অধিকাৰ পাব।

এন আৰ চিৰ পৰা বাদ পৰা ভোটাৰসকলে বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকালৈকে ভোট দিয়াৰ অধিকাৰ লাভ কৰিব।

নিৰ্বাচন আয়োগৰ মতে, বিদেশী ন্যায়াধীকৰণে তেওঁলোকৰ গোচৰত সিদ্ধান্ত নিদিয়ালৈকে সন্দেহযুক্ত ভোটাৰসকলৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ থাকিব।

যোৱা ৩১ আগষ্টত এন আৰ চি কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা অসমৰ প্ৰতিজন ব্যক্তিৰ নাগৰিকত্বৰ স্থিতি অন্তৰ্ভুক্ত কৰি ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰিছিল।

চূড়ান্ত তালিকাত ১৯ লাখ লোকৰ নাম বাদ পৰিছিল।

চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ দাবীৰে ১২০ দিনৰ ভিতৰত আবেদন কৰিব লাগিব।

তদুপৰি, বিদেশী ন্যায়াধীকৰণৰ ৰায়ত সন্তুষ্ট নহ’লে  সংশ্লিষ্ট লোকসকলে উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব।

আনহাতে, প্ৰশাসনে ৰাজ্যখনত ১০০খন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিছে আৰু ৰাজ্য চৰকাৰে অহা সপ্তাহত আন ২০০খন  বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিব।