NORTHEAST NOW (Assamese)

চেন্নাইৰ হৈ অন্তিমখন খেল ধোনীৰ বিদায়ী খেল হ’ব : ভি ভি এছ লক্ষ্মণ

August 19, 2020 11:49 am · এন ই নাও নিউজ
এম এছ ধোনী

চেন্নাই চুপাৰ কিংছৰ হৈ মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন খেল তেওঁৰ বিদায়ী মেচ হ’ব বুলি মন্তব্য কৰিছে ভি ভি এছ লক্ষ্মণে।

”মই নিশ্চিত যে যিদৰে শচীন টেণ্ডুলকাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বিদায় সম্ভাষণ লাভ কৰিছিল একেদৰে মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই চেপাক ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণ বিদায় সম্ভাষণ লাভ কৰিব,” ভি ভি এছ লক্ষ্মণে লগতে কয়।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাছতে বিশ্বৰ বিভিন্ন ক্ৰিকেটাৰে মহেন্দ্ৰ সিং ধোনীক প্ৰশংসাৰে উপচায় পেলায়।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে নৰেন্দ্ৰ মোদীয়ে ধোনীক টি-২০ বিশ্বকাপত খেলিবলৈ অনুৰোধ কৰিব লাগে বুলিও কয়।

আনহাতে, পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামামুল হকে মহেন্দ্ৰ সিং ধোনীয়ে খেলপথাৰত ক্ৰিকেটক বিদায় জনোৱা উচিত আছিল বুলি উল্লেখ কৰি ধোনীক অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে আখ্যা দিয়ে।

 

Related News