NORTHEAST NOW (Assamese)
ক্ৰীড়া

ৰাহুল দ্ৰাবিড়ৰ স্থানত ভি ভি এছ লক্ষ্মণ! নতুন সিদ্ধান্ত গ্ৰহণৰ দিশে বিচিচিআই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2021 3:09 pm
VVS Laxman to replace Rahul Dravid as next NCA head

ভাৰতীয় দলৰ বৰ্তমান প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৰাহুল দ্ৰাবিড়ে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

বিচিচিআইয়ে এইবাৰ আন এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ গৈ আছে।যদি সকলো ঠিকে থাকে প্ৰাক্তন তাৰকা ভিভিএছ লক্ষ্মণ ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেটাৰ গঢ় দিয়াৰ বাবে দায়বদ্ধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে ভাৰতীয় ক্ৰিকেটত সফলতাৰ শীৰ্ষত উপনীত হোৱাত দেশৰ প্ৰাক্তন খেলুৱৈৰ ভূমিকাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে।

সেয়ে জাতীয় দলৰ প্ৰশিক্ষক হিচাপে বিচিচিআইৰ প্ৰথম পচন্দ আছিল এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ।সেই লক্ষ্য ইতিমধ্যেই পূৰণ হৈছে। চলিত টি-২০ বিশ্বকাপৰ পিছতে ‘মিষ্টাৰ ডিপেণ্ডেব’ল’ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক হিচাপে দেখা যাব। তাৰ পাছতেই দ্ৰাবিড়ে পূৰ্বে কাৰ্যনিৰ্বাহ কৰা এক শীৰ্ষ পদত প্ৰাক্তন খেলুৱৈ ভিভিএচ লক্ষ্মণক অধিষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে বিচিচিআইয়ে।

ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ আগতে দ্ৰাবিড় বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(এনচিএ)ৰ সঞ্চালক আছিল। বিচিচিআইৰ এজন বিষয়াই সংবাদ সংস্থা ANI ক জানিবলৈ দিয়া অনুসৰি কেৱল ব’ৰ্ডৰ সভাপতি সৌৰভ গাঙ্গুলীয়েই নহয়, সচিব জয় শ্বাহ আৰু পৰিষদৰ আন সকলেও এনচিএৰ মুৰব্বী হিচাপে ‘ভেৰী ভেৰী স্পেচিয়েল’ খ্যাত লক্ষ্মণৰ নাম প্ৰস্তাৱ কৰিছে।

যদি এনে হয় পূৰ্বৰ সোণালী যুগ নিঃসন্দেহে ভাৰতীয় ক্ৰিকেটলৈ ঘূৰি আহিব। সৌৰভ গাঙ্গুলী, ৰাহুল দ্ৰাবিড় আৰু লক্ষ্মণে দেশৰ জাৰ্চীৰে একেলগে খেলপথাৰত নামি ভাৰতীয় ক্ৰিকেটক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এই ত্ৰিমূৰ্তিৰ পুনৰ সংযোগে ভাৰতীয় ক্ৰিকেটক পুনৰ আকৰ্ষণীয় ৰূপত গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

এনচিএৰ মুৰব্বী আৰু ভাৰতীয় দলৰ প্ৰশিক্ষকে যোৱা কেইবছৰমান ধৰি ভাৰতীয় ক্ৰিকেটৰ উত্থানৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। এই ক্ষেত্ৰত লক্ষ্মণৰ আগমনৰ ফলত দ্ৰাবিড় লাভান্বিত হ’ব।

বিচিচিআইৰ বিষয়াজনে কয়, “এনচিএৰ মুৰব্বী হিচাপে লক্ষ্মণ হৈছে ব’ৰ্ডৰ সভাপতি গাঙ্গুলী আৰু সচিব জয় শ্বাহৰ প্ৰথম পচন্দ। অৱশ্যে তেওঁ দায়িত্ব ল’ব বিচাৰে নে নাই সেয়া লক্ষ্মণৰ ওপৰত নিৰ্ভৰ কৰে। যদি লক্ষ্মণে সন্মতি প্ৰকাশ কৰে, ই নিঃসন্দেহে ভাৰতীয় ক্ৰিকেটৰ বাবে সুখবৰ হ’ব।”