NORTHEAST NOW (Assamese)

শিৱসাগৰত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ‘ৱাক ফৰ ভোট’

April 7, 2019 10:48 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 7, 2019 10:49 am

১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে হাতত লৈছে বিভিন্ন কাৰ্যসূচী। আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে জনসাধাৰণক সজাক কৰাৰ উদ্দেশ্যে সজাগত মূলক পদযাত্ৰা ৱাক ফৰ ভোট কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি পুৱা ৭ বজাত নগৰৰ ব’ৰ্ডিং খেল পথাৰৰ পৰা এই সজাগতামূলক পদকযাত্ৰাৰ আৰম্ভ কৰা হয়। এই সজাগতামূসক পদযাত্ৰাত শিৱসাগৰ  জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া-কৰ্মচাৰী, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি SVEEP ৰ জিলাদূত তথা শিল্পী মানস ৰবিনে এই পদ যাত্ৰাত অংশ গ্ৰহণ কৰাৰ লগতে বিহুগীত পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰে।

উল্লেখযোগ্য যে জিলাখনৰ ভোটাৰৰ মাজত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে আয়োজন কৰা এই সজাগতামূলক পদযাত্ৰা ৱাক ফ’ৰ ভোট কাৰ্যসূচী শিৱসাগৰ নিৰ্বাচনী জিলাৰ চাৰিওটা ব্লক আৰু ৬২ খন গাঁও পঞ্চায়ত সমূহত একে সময়তে ৰূপায়ণ কৰা হয়।

Related News