NORTHEAST NOW (Assamese)

অপ্ৰয়োজনীয় শৃংখলা! বিচিচিআইৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ পাক কিংবদন্তি আক্ৰামৰ

September 18, 2023 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী

কাষ চাপিছে এদিনীয়া ক্ৰিকেট বিশ্বকাপ। অহা ৫ অক্টোবৰত বাজিব বিশ্বকাপৰ ৰণশিঙা। অৱশ্যে আয়োজক দেশ ভাৰতে ৮ অক্টোবৰত আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান।

বিশ্বকাপলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ভাৰতে প্ৰস্তুত হিচাপে তিনিখনীয়া এক এদিনীয়া শৃংখলাত ভাগ ল’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

অহা ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলা ২৭ ছেপ্টেম্বৰত অন্ত পৰিব। তিনিখনীয়া এই শৃংখলাটোক লৈ পাকিস্তানৰ কিংবদন্তি ক্ৰিকেট তাৰকা ৱাছিম আক্ৰামে আশ্বৰ্য প্ৰকাশ কৰিছে।

আক্ৰামে এই শৃংখলাটোক অপ্ৰয়োজনীয় আখ্যা দিছে। বিশ্বকাপৰ পূৰ্বে হ’বলগীয়া এই শৃংখলাটোৱে ভাৰতীয় খেলুৱৈসকলক ক্লান্ত কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আক্ৰামে।

প্ৰাক্তন তাৰকাগৰাকীৰ মতে, ভাৰতত বহু খেলপথাৰ আছে আৰু প্ৰতিখন মেচৰ মাজত ভ্ৰমণৰ বাবে প্ৰায় এদিন সময় লাগে। তেওঁৰ মতে, এই শৃংখলাৰ সূচী হয়তো বহু আগতেই কৰা হৈছে, কিন্তু শৃংখলাটো অপ্ৰয়োজনীয়।

বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে শক্তি সংৰক্ষণ কৰিব লাগিব বুলি মন্তব্য কৰি আক্ৰামে এই তিনিখনীয়া এদিনীয়া শৃংখলাটো কিয় খেলা হৈছে সেই ভাবিবলগীয়া বুলি আশ্চৰ্য প্ৰকাশ কৰে।

নিজ দেশতে অনুষ্ঠিত হ’বলগীয়া মেগা টুৰ্ণামেণ্টখনত জয়ৰ সম্ভাৱনা থকা দল এটা ভাগৰি পৰিব নিবিচাৰে বুলি আক্ৰামে লগতে কয়। তদুপৰি তেওঁ শৃংখলাটোত কোহলীক বিশ্ৰাম দিয়াৰো পৰামৰ্শ আগবঢ়াইছে।

Related News