NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানৰ ছেমি ফাইনেলৰ আশা! ইংলেণ্ডৰ সকলোকে টাইম আউট কৰাই একমাত্ৰ উপায়; বাবৰ বাহিনীক কটাক্ষ আক্ৰামৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2023 10:05 am

এইবাৰৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত কেনেকৈ প্ৰৱেশ কৰিব পাৰিব পাকিস্তানে? সহজ পথটো বুজাই দিলে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাছিম ​​আক্ৰামে।

ক্ৰিকেট সন্দৰ্ভত পাকিস্তানৰ এটা টেলিভিছন চেনেলত তেওঁ কয়, ‘ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ বেটছমেনে যিমান পাৰি সিমান ৰান কৰিব লাগিব। তাৰ পিছত ইংলেণ্ডে বেটিং কৰিবলৈ ওলাই অহাৰ ঠিক আগতেই ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি দিব লাগিব। ইংলেণ্ডৰ ড্ৰেছিং ৰুমৰ দুৱাৰ ২০ মিনিটৰ বাবে বন্ধ হ’লে তেওঁলোকৰ সকলো বেটছমেনৰ টাইম আউট হ’ব। তেতিয়াহে পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব।’

লগতে পঢ়কঃ ICC World Cup 2023: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি বিশ্বকাপৰ শীৰ্ষ চাৰিত নিউজিলেণ্ড

আক্ৰামৰ উপৰিও আন এজন প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ মিছবাহ উল হকেও বাবৰ আজমহঁতক কটাক্ষ কৰিছে। এখোজ আগবাঢ়ি গৈ তেওঁ আৰু মজাৰ পৰামৰ্শ আগবঢ়ালে। মিছবাহে কয় যে মেচ আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডৰ ড্ৰেছিং ৰুমৰ দুৱাৰত তলা লগোৱা উচিত। তেতিয়া পাকিস্তানে মেচখনত জয়ী হ’ব।

চলিত বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ সময়ত পাকিস্তানৰ ক্ৰিকেট মহলৰ এটা অংশই বিচিচিআই, আইচিচিৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। কেইবাগৰাকীও প্ৰাক্তন পাকিস্তান ক্ৰিকেটাৰে ভাৰতীয় দলটোক খেলপথাৰৰ পৰা সহায় লোৱাৰ ব্যৱস্থা কৰা, ভাৰতীয় দলে ফিল্ডিং কৰাৰ সময়ত বল সলনি কৰা, ডি আৰ এছত ৰিগিং কৰা আদি ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।

কিন্তু আক্ৰাম, শ্বোৱেইব মালিকৰ দৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়কসকলে তেওঁলোকৰ কথাত একমত নহয়। এনে হাস্যকৰ অভিযোগ উত্থাপন কৰি পাকিস্তানক বদনাম কৰা হৈছে বুলি তেওঁলোকে মুকলিকৈ কৈছে।

এইবাৰৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেললৈ যাবলৈ হ’লে শনিবাৰে ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি পাকিস্তানে কমেও ২৮৭ ৰানত জয়লাভ কৰিব লাগিব। যদিহে পাকিস্তানে প্ৰথমে ফিল্ডিং কৰে তেন্তে ইংলেণ্ডৰ স্ক’ৰ যিয়েই নহওক কিয়, ২.৫ অভাৰত লক্ষ্য সম্পূৰ্ণ কৰিব লাগিব।

লগতে পঢ়কঃ‘মাত্ৰ ইংৰাজীটো শিকি লোৱা, মই তোমাক বিয়া কৰাম’; ছামিৰ ছুইং বলত ব’ল্ড কোন এই অভিনেত্ৰী?

এই চৰ্ত পূৰণ কৰাটো বাস্তৱিকতে অসম্ভৱ। সেইবাবেই ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পিছতে পাকিস্তান দলটোৱে ঘৰলৈ উভতি যাব লাগিব। ঘৰলৈ উভতি যোৱাৰ পিছত তীব্ৰ সমালোচনাৰ সন্মুখীনতো হ’ব লাগিবই, দলৰ পৰা বাদ পৰিবও পাৰে একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰ।