DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ICC World Cup 2023: পাকিস্তানৰ আশাত চেঁচা পানী ঢালি বিশ্বকাপৰ শীৰ্ষ চাৰিত নিউজিলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 8:04 am
8.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰত, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ইতিমধ্যে বিশ্বকাপৰ শেষ চাৰিটা স্থানৰ তিনিটা আসনত বহি লৈছে। বাকী তিনিটা দলৰ ভিতৰত পাকিস্তান, নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত বহু হিচাপ চলি আছিল কোনে ছেমি ফাইনেলত স্থান পাব। বৃহস্পতিবাৰে বিয়লিলৈকে এনে লাগিছিল যে যদি বেংগালুৰুত পূৰ্বাভাস অনুসৰি কিছু বৰষুণ হয় তেন্তে কলকাতাত হয়তো কিছু সকাহ আহিব পাৰে। পাঁচ তাৰকাযুক্ত হোটেল এখনত বহি পাকিস্তানৰ দলটোৱে এনে অংককে কৰি আছিল।

পিচে, তেনে একো নহ’ল। লীগ টেবুলৰ দৌৰত নিউজিলেণ্ডে কাৰ্যতঃ আইচিচি বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল নিশ্চিত কৰে। কিন্তু প্ৰায় কিয়? ক্ৰিকেটৰ কথা, সেয়েহে, অংক অলপ থাকিয়েই যায়। শনিবাৰে ইডেনত পাকিস্তানে অসম্ভৱ কিবা নঘটালে তেওঁলোকে ঘৰলৈ উভতি যাবলৈ বিমান ধৰিব লাগিব।

বাবৰ আজম বাহিনীৰ বিশ্বকাপ এইবাৰো সপোন হৈয়েই থাকিব। যদি অংক এইদৰে থাকি যায়, তেন্তে ১৫ নৱেম্বৰত ৱানখেড়েত কেন উইলিয়ামছনৰ দলৰ বিৰুদ্ধে ছেমি খেলিব ৰোহিত বাহিনীয়ে।

শুকুৰবাৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে টছত জয়লাভ কৰি শ্ৰীলংকাক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। শ্ৰীলংকাৰ দলটোৱে সম্পূৰ্ণ ৫০ অভাৰ খেলিব নোৱাৰিলে। ৪৬.৪ অভাৰতে অল আউট হয় শ্ৰীলংকা। অ’পেনাৰ কুশল পেৰেৰা (৫১) আৰু মহেশ থিকছনা (৩৮*)ৰ বাহিৰে বাকী শ্ৰীলংকাৰ বেটাৰে যুঁজ দিব নোৱাৰিলে।

ট্ৰেণ্ট ব’ল্ট আৰু লকি ফাৰ্গুচনৰ সন্মুখত শ্ৰীলংকাই ১৭১ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। ইটোৰ পিছত সিটোকৈ উইকেট হেৰুৱাই থকা শ্ৰীলংকাৰ দলটোক ৯ নম্বৰত নামি অহা থিকছনাই কিছু টানিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ যুটী বান্ধিবলৈ সংগই নাপালে। থিকছনাই শেষলৈ দিলচন মধুশংকাৰ সৈতে ৪৩ ৰানৰ যুটী গঢ়ি তুলিছিল।

অধিনায়ক কেন উইলিয়ামছনৰ দলৰ সন্মুখত ১৭২ ৰান আৰু ডেভন কনৱেৰ দৰে অ’পেনাৰ থকা দলত এয়া সেই অৰ্থত কোনো কঠিন লক্ষ্য নহয়। অৱশ্যে শ্ৰীলংকাৰ বলাৰসকলে আৰম্ভণিতে হাৰ নামানিলে। কনৱে আৰু ৰাচিন ৰবিন্দ্ৰৰ আৰম্ভণিতে ৮৬ ৰানৰ যুটীয়ে দলটোৰ জয়ৰ ভেটি স্থাপন কৰে। ইয়াৰ পিছতে ডেৰেল মিচেলৰ (৪৩) কেমিঅ’ই কিউইক জয়ৰ পথত আগুৱাই লৈ যায়।

অৱশ্যে মিচেলে নিজৰ ষ্টাইলত খেলখন শেষ কৰিব নোৱাৰিলে। গ্লেন ফিলিপছে শেষ কামখিনি কৰিলে। তেওঁ ১০টা বল খেলিছিল। ফিলিপছৰ ১৭ ৰানৰ অপৰাজিত ইনিংছটোত আছিল ৩টা চাৰি। কিউইৰ তিনি তাৰকা কনৱে (৪৫), ৰাচিন (৪২) আৰু মিচেল (৪৩) অৰ্দ্ধ শতকৰ সীমাৰ পৰাই পেভিলিয়নলৈ উভতি আহে।

অৱশ্যে সেইটোৱে দলটো জয়ী হোৱাত কোনো বাধা নাছিল। নিউজিলেণ্ডে ২৩.২ অভাৰত ৫টা উইকেট হেৰুৱাই লক্ষ্য সম্পূৰ্ণ কৰে। ফলত উইলিয়ামছনে নেট ৰান ৰেটত ভাল স্থান লাভ কৰে। কিউইৰ ৫খনত জয় আৰু ৪খনত পৰাজয়ৰ সৈতে ৯খন মেচৰ পৰা আহিছে ১০ পইণ্ট। এইবাৰ কেৱল ছেমি ফাইনেলৰ টিকট পাবলৈ অপেক্ষা। 

Recent News

যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

ঘূৰ্ণীবতাহ মিগজাউম: চেন্নাইত ধাৰাসাৰ বৰষুণ, ৫ জন লোকৰ মৃত্যু; বন্ধ বিমানবন্দৰ

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

বাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd