NORTHEAST NOW (Assamese)
জীৱনশৈলী

ব্যক্তিগতভাৱে নীলা ছবি চোৱাটো কোনো অপৰাধ নহয়: কেৰালা হাইকোৰ্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2023 11:18 am

শেহতীয়াকৈ কেৰালাৰ উচ্চ ন্যায়ালয়ে এক ৰায়দানত কয় যে “ব্যক্তিগতভাৱে পৰ্ণগ্ৰাফী চোৱাটো কোনো অপৰাধ নহয়”।

অশ্লীল ভিডিঅ’ চোৱাৰ অভিযোগত অভিযুক্ত এজন লোকক দোষমুক্ত কৰাৰ সময়তে কেৰালাৰ উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

উল্লেখ্য যে পথৰ কাষত থিয় হৈ মোবাইলত অশ্লীল ভিডিঅ’ চোৱাৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰাত গোচৰ ব্যক্তিজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল।

কেৰালা উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে পৰ্ণগ্ৰাফী আনক প্ৰদৰ্শন নকৰাকৈ ব্যক্তিগতভাৱে চোৱাটো কোনো অপৰাধ নহয়।কেৰালা উচ্চ ন্যায়ালয়ে কয় যে এনে কাৰ্য নাগৰিকৰ ব্যক্তিগত পছন্দ আৰু ই আই পি চিৰ ২৯২ নং ধাৰাত নপৰে।

উল্লেখ্য যে, আই পি চিৰ ২৯২ ধাৰাত অশ্লীল কিতাপ আৰু বস্তু বিক্ৰী, বিতৰণ আৰু প্ৰদৰ্শনত শাস্তি প্ৰদানৰ কথা উল্লেখ আছে।

“এই গোচৰত সিদ্ধান্ত ল’বলগীয়া প্ৰশ্নটো হ’ল এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত সময়ত পৰ্ণ ভিডিঅ’ আনক প্ৰদৰ্শন নকৰাকৈ চোৱাটো অপৰাধৰ গণ্ডীত পৰিবনে?

“পৰ্ণগ্ৰাফী যুগ যুগ ধৰি চলি আহিছে। নতুন ডিজিটেল যুগে ইয়াক পূৰ্বতকৈ অধিক সুলভ কৰি তুলিছে আৰু আনকি শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবেও ইয়াক হাতৰ মুঠিত উপলব্ধ কৰা হৈছে।’-কেৰালাৰ উচ্চ ন্যায়ালয়ে এইদৰে কয়।

কেৰালাৰ উচ্চ ন্যায়ালয়েও স্পষ্ট কৰি দিয়ে যে অবিবাহিত ব্যক্তিৰ মাজত সন্মতিসূচক যৌন সম্পৰ্কও ভাৰতত অবৈধ নহয়।

“এজন পুৰুষ আৰু মহিলাৰ মাজত সন্মতিসূচক যৌন সম্পৰ্ক আমাৰ দেশত অপৰাধ নহয়, যদিহে ই তেওঁলোকৰ গোপনীয়তাৰ ভিতৰত হয়। আদালতে সন্মতিসূচক যৌন সম্পৰ্ক বা গোপনীয়ভাৱে পৰ্ণ ভিডিঅ’ চোৱাক স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই কাৰণ এইবোৰ সমাজৰ ইচ্ছা আৰু বিধায়িনী দলৰ সিদ্ধান্তৰ ভিতৰত থাকে। আদালতৰ কৰ্তব্য কেৱল ই অপৰাধৰ হয় নে নহয় সেইটো বিচাৰি উলিওৱা।’- ৰায়দানত এইদৰে কোৱা হয়।