NORTHEAST NOW (Assamese)
দেশ

সাৱধান! পুনৰ নিপাহ ভাইৰাছৰ আতংক, দুজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2023 9:20 am

দেশত নতুন দেখা দিছে নতুন আতংকই। কেৰালাত পোৱা গৈছে নিপাহ ভাইৰাছ । এই মাৰাত্মক ভাইৰাছৰ বাবে ইতিমধ্যেই দুজন লোকৰ মৃত্যু হৈছে। আৰু দুজন লোক আক্ৰান্ত হৈছে। 

মঙলবাৰে এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই কেৰেলালৈ বিশেষ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে।

মঙলবাৰে কেৰালা চৰকাৰে ৰাজ্যখনত নিপাহ ভাইৰাছ ধৰা পৰাৰ কথা অৱগত কৰে। ইয়াৰ পিছতে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই সমগ্ৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাৰ লগতে কেৰালাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেন্দ্ৰৰ পৰা এটা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰে।

কালি কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ে ফেচবুক পোষ্টযোগে কয় যে কেৰালাত নিপাহ ভাইৰাছৰ ৰোগী ধৰা পৰিছে। সংক্ৰমণত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজন লোকৰ। আন চাৰিজনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে দুজনৰ পজিটিভ ধৰা পৰে।

জানিব পৰা  মতে, নিপাহ ভাইৰাছৰ বাবে যোৱা ৩০ আগষ্টত এগৰাকী ব্যক্তিৰ মৃত্যুৰ হোৱাৰ পিছত সোমবাৰে দ্বিতীয়জন ৰোগীৰ মৃত্যু হয়। 

নিপাহৰ সৈতে মোকাবিলা কৰিবলৈ কেৰালা চৰকাৰে এটা কন্ট্ৰল ৰুম স্থাপন কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা ৰাজ্যবাসীক মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ৰাজ্যবাসীক আতংকিত নহ’বলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে চৰকাৰে।

উল্লেখ্য যে এই ভয়াৱহ সংক্ৰমণ প্ৰধানকৈ বাদুলিৰ দ্বাৰা বিয়পে। যদিও সাধাৰণতে জীৱ-জন্তুহে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, তথাপিও মানুহো আক্ৰান্ত হ’ব পাৰে আৰু ই মাৰাত্মক হ’ব পাৰে। এই সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, মূৰ ঘূৰোৱা আৰু, ওকট পাকট লগা। এইকেইটা লক্ষণ দেখিলেই তৎক্ষণাত চিকিৎসকৰ কাষ চাপক।