NORTHEAST NOW (Assamese)

কোনো কাৰণতে ‘অসম চুক্তি’ উলংঘা হ’বলৈ নিদিওঁ : সত্যব্ৰত কলিতা

October 16, 2018 9:57 am · এন ই নাও নিউজ
Updated: October 16, 2018 3:26 pm
অগপ বিধায়ক সত্যব্ৰত কলিতাৰ ফাইল ফটো

‘নাগৰিৰত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী লোকক সংস্থাপন দিব ওলোৱা কাৰ্য কোনো কাৰণতেই মানি লোৱা নহয়। কিয়নো ইয়ে ঐতিহাসিক অসম চুক্তিক উলংঘা কৰিব। অসম চুক্তি ৰূপায়ণ কৰিবৰ বাবেই অসমৰ জনসাধাৰণে আমাক নিৰ্বাচিত কৰিছে। আৰু সেয়ে আমি কোনো কাৰণতে এই চুক্তিখন উলংঘা হ’বলৈ নিদিও’। এই মন্তব্য কমলপুৰ সমষ্টিৰ অগপ বিধায়ক সত্যব্ৰত কলিতাৰ।

সোমবাৰে সন্ধিয়া কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কাত দুৰ্গা মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক কলিতাই আৰু কয় যে শাসকীয় বিজেপি দলৰ একাংশ বিধায়ক আৰু কংগ্ৰেছৰো একাংশ বিধায়কে নাগৰিকত্ব বিধেয়কখন কাৰ্যকৰী কৰাৰ আপ্ৰাণ চেষ্টা চলাই আছে।

বিধায়ক কলিতাই লগতে কয় যে অসম বিৰোধী সকলো কাৰ্যকলাপতে অসম গণ পৰিষদ দলে বিৰোধ প্ৰদৰ্শন কৰি আহিছে আৰু অনাগত দিনতো এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি যাব।

ইফালে নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰা বাঙালী সংগঠনবোৰৰ বিৰুদ্ধে আলফা(স্বাঃ)ই যোৱা শনিবাৰে গুৱাহাটীত বোমা বিস্ফোৰণ কৰাৰ পাছতে দেওবাৰে বিজেপি বিধায়ক শিলাদিত্য দেবে ধুবুৰীত সাংবাদিকৰ আগত কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধেও বিধায়ক কলিতাই মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে বিজেপিৰ এই গৰাকী বিধায়ক ব্যস্ত থাকে কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে। সেয়ে সংবাদ মাধ্যমৰ আগত তেওঁ এনেধৰণৰ মন্তব্য কৰি থাকে।

Related News