NORTHEAST NOW (Assamese)
অসম

আমি অসমীয়া, অসমীয়া হৈয়ে জীয়াই থাকিব লাগে : মৃত্যুৰ আগে আগে কৈ গ’ল গুণ মহন্তই

Posted by: মিণ্টু দাস August 27, 2018 10:29 pm
Nagaon- Actor Guna Mahanta Felicitated last Night (1)

আমাৰ শিল্পীসকল বা সাংস্কৃতিক কৰ্মী তথা সংগঠক সকলে সদায়ে নিজস্বতাখিনি অক্ষুন্ন ৰাখি সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগুৱাই যাব লাগে। আমি অসমীয়া, সেয়ে অসমীয়াই অসমীয়া ঐতিহ্যক কেতিয়াও পাহৰিব নালাগে। দেওবাৰে এক অনুষ্ঠানত অংশ লৈ এইদৰে কৈছিল আজি পুৱা আকস্মিকভাবে বিয়োগ ঘটা অসমৰ বৰেণ্য অভিনেতা তথা সাংস্কৃতিক কৰ্মী গুণ মহন্তই।

নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক প্ৰতিস্থান ইমন ক’লা কেন্দ্ৰৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে শিল্পীগৰাকী উপস্থিত থাকি লগতে কৈছিল যে আমি আধুনিকতাৰ নামত আমাৰ জাতীয় গৌৰৱোজ্জ্বল সংস্কৃতিক কেতিয়াও বিজতৰীয়া সংস্কৃতিলৈ ৰূপান্তৰিত কৰিব নালাগে আৰু যি সকলে এই কাম কৰে তেওঁলোককো বাধা দিয়াৰ দায়িত্ব আমাৰ।

উল্লেখ্য যে, আজি হঠাতে অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনক নিঠৰুৱা কৰি চিৰ দিনৰ বাবে বিদায় লোৱা শিল্পী গুণ মহন্তৰ এয়াই আছিল তেখেতৰ সাংস্কৃতিক জীৱনৰ অন্তিমটো বক্তৃতা আৰু সাংস্কৃতিক অনুস্থান।

নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সন্ধিয়া ছয় বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট শাস্ত্ৰীয় নৃত্য প্ৰশিক্ষক তথা শিল্পী মন্দিৰা ভট্টাচাৰ্য আৰু জিতু দাসে। দুয়োগৰাকী শিল্পীকে ইমন কলা কেন্দ্ৰৰ হৈ প্ৰতিস্থাপক অধ্যক্ষা অমিয়া মহন্তই সম্বৰ্ধনা পত্ৰ, শৰাই আৰু গামোচাৰে আদৰণী জনায়।

অনুস্থানটিত বিশিষ্ট অতিথি ৰুপে উপস্থিত থাকে বৰেণ্য অভিনেতা শিল্পী জগন্নাথ মহন্ত, অভিনেতা জিতু মহন্ত, পূৰ্ব কাকতি আৰু সাং‌বাদিক মুৰুলী বৰুৱা। অনুষ্ঠানত ৰামধেনু বঁ‌টা প্ৰাপক পাৰ্থপ্ৰতিম দাসক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি ইমন কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী আৰু একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীসমূহে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

উলেখ্য যে, ইমন ক’লা কেন্দ্ৰই বিগত বাৰটা বছৰত অসমীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে এচাম নতুন শিল্পীৰ সৃষ্টিত গুৰুত্ব প্ৰদান কৰি আহিছে। শাৰীৰিক অসুস্থতাৰ মাজতো গুণ মহন্তই এক দীঘলীয়া সময় ইমন কলা কেন্দ্ৰৰ অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত হয়।