NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2022 6:15 pm
women in Afghanistan

তালিবান শাসিত আফগানিস্তানত এতিয়া ‘দুষ্ট নাৰীবিলাকক’ ঘৰৰ আৱদ্ধ কৰি ৰখা হৈছে। আফগানিস্তানত ইছলামিক শাসনৰ বিৰোধিতা কৰা নাৰীসকলক তালিবানে ঘৰতে বন্দী কৰি ৰাখিছে।

এইদৰে মন্তব্য কৰিছে তালিবানৰ অন্যতম শীৰ্ষ নেতা তথা আফগানিস্তানৰ কাৰ্যকৰী আভ্যন্তৰীণ মন্ত্ৰী চিৰাজুদ্দিন হাক্কানিয়ে।

উল্লেখ্য যে তালিবানে ক্ষমতা দখল কৰাৰ পাছতে দেশখনত নাৰী অধিকাৰক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে।

নাৰীয়ে বিদ্যালয় যাব পাৰিবনে নাই সেই সম্পৰ্কে তালিবানে কৈছিল যে নাৰীশিক্ষাত বাধা দিয়া নহ’ব।

কিন্তু ইয়াৰ সম্পূৰ্ণ উলোটাখৰ মাৰি শেহতীয়াকৈ হাক্কানিয়ে কয় যে বিদেশী শক্তিৰ দ্বাৰা অনু্প্ৰাণিত হৈ যিসকল নাৰীয়ে তালিবানৰ বিৰুদ্ধাচাৰণ কৰিছে, তেওঁলোকক ঘৰতে আৱদ্ধ কৰি ৰখা হ’ব।

উল্লেখ্য যে, তালিবানে ক্ষমতা দখল কৰাৰ পাছতে দেশখনৰ নাৰীসমাজে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। এতিয়া তালিবানে এই নাৰীসকলকে দুষ্ট নাৰী আখ্যা দিছে।

তালিবানৰ এই মন্তব্যৰ পৰা বুজা যায় যে দেশখনত এতিয়া ইছলামিক শ্বৰীয়া আইনৰ গ্ৰাসত নাৰী অধিকাৰ হেৰাই যাবলৈ অগ্ৰসৰ হৈছে।