NORTHEAST NOW (Assamese)

১.১০ কোটি হাত ঘড়ী আৰু ১ লাখ টকাৰ জোতা পিন্ধি প্ৰেয়সীৰ সৈতে ডেটিঙত যোৱা ক্ৰিকেটাৰ গৰাকী কোন?

February 25, 2020 7:49 pm · এন ই নাও নিউজ

এজন ক্ৰিকেটাৰ খেলপথাৰৰ পৰা হেৰাইছে।

কোন এই ক্ৰিকেটাৰগৰাকী ?

উল্লেখ্য যে কিছুদিন পূৰ্বৰে পৰা এজন ক্ৰিকেটাৰ খেলপথাৰৰ বাহিৰত অ্ত্যধিক চৰ্চিত হোৱা দেখা গৈছিল।

সেই ক্ৰিকেটাৰগৰাকী আছিল ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।

প্ৰেয়সী নাটাছা ষ্টানক’ভিকৰ লগত ব্যতিক্ৰমীৰূপত ডেটিঙলৈ যোৱাক চৰ্চিত হৈ আছে হাৰ্দিক পাণ্ডিয়া।

কিছুদিন ধৰি খেলপথাৰত দেখিবলৈ নোপোৱা হাৰ্দিক পাণ্ডিয়াক অলপতে মুম্বাইৰ বিমানবন্দৰত দেখা গৈছিল।

পাণ্ডিয়াই হাতত পিন্ধি আছিল ৮৫ লাখ টকাৰ হাত ঘড়ী। যিটো হাত ঘড়ী ভাৰতবৰ্ষত পোৱা নাযায়। ইনপ’ৰ্ট চাৰ্জ আৰু টেক্স লগাই এই বিদেশী ঘড়ীটোৰ ভাৰতত মূল্য হৈছে ১.১০ কোটি টকা।

ইফালে পাণ্ডিয়া পিন্ধি থকা বিদেশী জোতাযোৰ ভাৰতীয় মূল্য ৭০ হাজাৰ টকা হ’লেও ইনপ’ৰ্ট চাৰ্জ আৰু টেক্স লগাই তাৰ মূল্য হৈছে ১ লাখ টকা।

Related News