NORTHEAST NOW (Assamese)
Popular Stories

সামান্য ৰসগোল্লাৰ বাবে ভাঙি গ’ল বিয়া! সকলোকে আচৰিত কৰি কইনাৰ পৰিয়ালে ক’লে… (চাওক ভিডিঅ’)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2025 10:13 am

ৰসগোল্লাৰ বাবে ভাঙি গ’ল এখন বিয়া। বিয়াত ৰসগোল্লাৰ নাটনি হৈছিল। ইয়াৰ বাবেই দৰা-কইনাৰ পৰিয়ালৰ মাজত কাজিয়া আৰম্ভ হয়। বিয়াখন বাতিল কৰা হ’ল। ক’ত সংঘটিত হ’ল এনে এক অদ্ভুত ঘটনা?

এনে এক অদ্ভুত ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ বোধ গয়াত। বোধগয়াৰ এখন বিয়াত ৰসগোল্লাৰ অভাৱত দৰা-কইনাৰ পৰিয়ালৰ মাজত চৰম বিশৃংখলতা আৰু কাজিয়া চলিল। চিচিটিভিৰ ফুটেজত দেখা গৈছে যে দুয়োপক্ষৰ আত্মীয়-স্বজন আৰু অতিথিৰ মাজত কাজিয়া, হতাহতি, আনকি ৰঙা প্লাষ্টিকৰ চকী তুলি মাৰামাৰিও চলি আছে!

এই ঘটনা ২৯ নৱেম্বৰত বোধগয়াৰ এখন হোটেলত সংঘটিত হৈছিল, য’ত কইনাৰ পৰিয়ালে আয়োজন কৰিছিল। ওচৰৰ গাঁৱ এখনৰ পৰা দৰাৰ পৰিয়ালটো তালৈ আহিছিল। আৰক্ষীয়ে জনোৱা মতে, বিয়াৰ ৰীতি-নীতি শেষ হোৱাৰ পিছত পৰ্যাপ্ত ৰসগোল্লা নাই বুলি জানিব পাৰি কইনাৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰে।

চিচিটিভি ফুটেজত প্ৰথম অৱস্থাত দেখা গৈছিল যে মানুহবোৰ খাদ্যৰ ষ্টলৰ চাৰিওফালে ঘুৰাফিৰা কৰি আছে, কোনো ধৰণৰ উত্তেজনাৰ লক্ষণ দেখা পোৱা হোৱা নাছিল। কিন্তু অতি সোনকালেই কাজিয়াৰ সূত্ৰপাত হয়, বহুতে চকী, প্লেট আদি সামগ্ৰী নিক্ষেপ কৰা দেখা যায়।

আৰক্ষীয়ে জনোৱা মতে, দুয়োটা পৰিয়ালৰ কেইবাজনো লোক আহত হৈছে। বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰি মণ্ডপলৈ যাওঁতে দৰা-কইনাৰ মাজত কাজিয়া আৰম্ভ হয়। ৰসগোল্লাক লৈ কাজিয়া আৰম্ভ হোৱাৰ পাছত দৰা পক্ষৰ বিৰুদ্ধে যৌতুক দাবীৰ অভিযোগ দাখিল কৰিছে কইনাৰ পৰিয়ালে।

বুধবাৰে দৰাৰ পিতৃ মহেন্দ্ৰ প্ৰসাদে নিশ্চিত কৰে যে প্ৰথমে ৰসগোল্লাক লৈ কাজিয়া হৈছিল, তাৰ পিছত হতাহতি আৰম্ভ হয়। তেওঁ দাবী কৰে যে এই ঘটনাৰ পিছত কইনাৰ পৰিয়ালে ভুৱা যৌতুকৰ দাবীৰ অভিযোগ দাখিল কৰে। যদিও দৰাৰ পৰিয়ালে এই বিয়াত সন্মতি দিছিল, কিন্তু অৱশেষত কইনাৰ পৰিয়ালে বিয়া নিদিয়াৰ সিদ্ধান্ত লয়।

দৰাৰ মাতৃ মুন্নী দেৱীয়ে অভিযোগ কৰে যে কাজিয়াৰ সময়ত কইনাৰ পৰিয়ালে উপহাৰ হিচাপে লৈ অনা গহনাবোৰ লৈ যায়। দৰাৰ পৰিয়ালেও হোটেলখন বুকিং কৰাৰ দায়িত্ব তেওঁলোকৰ আছিল বুলি দাবী কৰে। দৰাৰ খুড়ায়েক সুশীল কুমাৰে কয়, “আমি কইনাৰ পৰিয়ালৰ লগত আলোচনা কৰি বিয়াখন আগুৱাই নিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁলোকে একো কথাই শুনিব নিবিচাৰিলে!”