NORTHEAST NOW (Assamese)
Popular Stories

শিহৰণকাৰী দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দিয়ালে বিবাহযাত্ৰীৰ বাহনে, ৮জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2019 9:04 am
IMG-20191120-WA0004-750x375

ওদালগুৰি জিলাৰ ওৰাঙত নিশা এখন বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈ ৮ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীকে।

ঘটনাৰ বিৱৰণি মতে, বিবাহযাত্ৰীৰ বাহনখনে ওৰাঙৰ গেলাবিলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা কেইজনৰ ভিতৰত ক্ৰমে গাড়ীখনৰ চালক দিগন্ত শইকীয়া (জোন), পাৰ্থ কুৰী, নাৰায়ন দাস, ৰিংকু শইকীয়া, ৰঞ্জিত ডেকা, পৰিমা কুৰ্মী বুলি চিনাক্ত কৰা হৈছে। এতিয়াও দুজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই।

বিবাহযাত্ৰীৰ দলটোৱে তেজপুৰৰ পৰা বাইহাটা চাৰিআলীলৈ বিয়া খাবলৈ আহিছিল। বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথতে নিশা প্ৰায় ২.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত পতিত AS–12B–2022 নম্বৰৰ বাহনখন আৰ্টিগা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে সেই একে স্থানতে আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল। সেয়ে উক্ত স্থানত ৰৈ আছিল এখন ট্ৰাক। কিন্তু নিশা বিবাহযাত্ৰীৰ বাহনখনে ট্ৰাকখন ৰৈ থকা বুলি গম নাপাই খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

তেজপুৰৰ তেলেৰীয়াৰ নয়ন নামৰ যুৱকজনৰ বিয়া খাবলৈ আহিছিল দলটো।