NORTHEAST NOW (Assamese)

ঘোঁৰাত উঠি গৈছিল বিয়া পাতিবলৈ, বোমাৰ শব্দত ঘোঁৰাই দিলে দৌৰ ,তাৰপিছত…? চাওঁক ভিডিঅ’

February 18, 2021 3:53 pm · এন ই নাও নিউজ

দৰাৰ মন আছিল ঘোঁৰাত উঠি কইনা ঘৰলৈ গৈ ৰজাৰ দৰে বিয়া পাতিব।

সেই মতে যোগাৰ কৰা হৈছিল এটা তজবজীয়া ঘোঁৰা।নিৰ্দিষ্ট সময়ত ঘোঁৰাত উঠি দৰা গৈ উপস্থিত হ’ল কইনা ঘৰত।

কইনা ঘৰত ধৰ্মীয় ৰীতি-নীতি পালন কৰি থকালৈকে সকলো ঠিকইে আছিল।ঘোঁৰাৰ পিঠিত বহি থাকিয়েই দৰাই পালন কৰি গৈছিল সকলো নিয়ম।

কিন্তু ইয়াৰ মাজতে ঘটি গ’ল অঘটনটো।

দৰা অহাৰ বাবে কইনা ঘৰৰ লোকে আতচবাজী ফুটাবলৈ আৰম্ভ কৰিছিল।

আতচবাজীৰ শব্দত চক খাই ঘোঁৰাটোৱে তৰানৰা চিঙি দিলে লৰ।

দৰা তেতিয়াও ঘোঁৰাৰ পিঠিতে। দুৰন্ত গতিৰে দৌৰি যোৱা ঘোঁৰাটোৰ পিছে পিছে এইবাৰ লৰ দিলে বিবাহস্থলীত উপস্থিত থকা আন লোকসকলেও।

ঘোঁৰাটোক ধৰিব নোৱাৰেহে নোৱাৰেহে। অৱশেষত যেনিবা পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় দৰাক।

https://www.youtube.com/watch?v=SKbQqZhm248

শৰীৰৰ কেইবা ঠাইতো আঘাত পোৱা দৰাক লৈ যোৱা হ’ল চিকিৎসালয়লৈ আৰু তাতেই প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি দৰা পুনৰ আহিল কইনা ঘৰলৈ।

এই ঘটনাটো ঘটিছে গুজৰাটৰ পাটান জিলাৰ ৰোডা নামৰ গাঁও খনত।

দৰাক পিঠিতলৈ ঘোঁৰাই দৌৰ মৰাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ভিডিঅ’টোৱে নেটিজেনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Related News