NORTHEAST NOW (Assamese)
অসম

লকডাউনত গোপনে পতা সকলো বিয়া ‘অবৈধ’ ঘোষণাৰ সিদ্ধান্ত এইখন ৰাজ্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2021 7:09 pm
marriage image

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌত অস্থিৰ হৈ পৰা ভাৰতত শেহতীয়াকৈ সংক্ৰমণৰ হাৰ কিছু নিম্নগামী হোৱা দেখা গৈছে।

কিন্তু কোভিডৰ পৰা কিছু সকাহ পোৱাৰ মাজতে আকৌ বিভিন্ন ধৰণৰ ফাংগাছৰ সংক্ৰমণে নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।

ইপিনে, কৰ’না দ্বিতীয় ঢৌৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশখনত আংশিক লকডাউন জাৰি কৰা হৈছিল। সেইদৰে, সকলো ধৰণৰ সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

পিচে, ৰাজ্য চৰকাৰৰ এনে নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুৱাই শতাধিক দম্পতিয়ে বিয়া পাতিছিল। এনে বিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰখনে।

বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ কেইবাখনো জিলাৰ জিলা প্ৰশাসনে চলিত মাহত সম্পন্ন হোৱা সকলো বিয়া বাতিল তথা অবৈধ বুলি ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া মতে চলিত মাহত লকডাউনৰ নিয়ম উলংঘা কৰি গোপনে কমেও ১৩০খন বিয়া সম্পন্ন হৈছে।

এই সকলো বিয়া অবৈধ বুলি ঘোষণা কৰা হ’ব আৰু বিবাহিত দম্পতি, তেওঁলোকৰ পৰিয়াল আৰু পুৰোহিতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।