NORTHEAST NOW (Assamese)
দেশ

বিহাৰৰ উদ্ধাৰ বন্দুকৰ কাৰখানা : পশ্চিমবংগ আৰু বিহাৰৰ যুটীয়া অভিযানত উদ্ধাৰ বিশাল মজুত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 30, 2024 3:30 pm

বিহাৰত উদ্ধাৰ হৈছে বিশাল পৰিমাণৰ বন্দুকৰ সৈতে এটা অবৈধ অস্ত্ৰ নিৰ্মাণৰ কাৰখানা। পশ্চিমবংগ আৰু বিহাৰৰ বিশেষ আৰক্ষী দলে যুটীয়াভাবে অভিযান চলাই এই অবৈধ কাৰখানাটো উদ্ধাৰ কৰিছে।

সোমবাৰে গভীৰ নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলায়। বিহাৰৰ মাধৰৱা থানাৰ ৰূপীমপুৰ গাঁৱত এটা সক্ৰিয় বন্দুকৰ কাৰখানা উদ্ধাৰ কৰা দলটোৱে। লগতে বন্দুক নিৰ্মাণত পাকৈত চাৰিজন শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

একে সময়তে আৰক্ষীয়ে কাৰখানাটোৰ স্বত্বাধিকাৰী অখিলেশ কুমাৰ কুশৱাহাকো গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে অখিলেশৰ ঘৰ বিহাৰৰ সাৰণ জিলাৰ ৰূপহীমপুৰ গাঁৱত।

এই ঘটনাৰ আন এজন অভিযুক্ত চান্দ ওৰফে দামু নআমৰ এজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৩০ বছৰীয়া চান্দৰ ঘৰ বিহাৰৰ হজৰতগঞ্জৰ মুংগেৰত।

আৰক্ষী বিষয়াসকলে উদ্ধাৰ কৰা অস্ত্ৰসমূহ হৈছে ৭.৬৫ মিমি অৰ্ধ স্বয়ংক্ৰিয় ইম্প্ৰভাইজড আগ্নেয়াস্ত্ৰ, ৭.৬৫ মিমি লাইভ কাৰ্টিজ, বৃহৎ সংখ্যক ছেমিফিনিচড ইম্প্ৰভাইজড ৭.৬৫ মিমি পিষ্টলৰ অংশ যেনে পিষ্টল বডি, পিষ্টল স্লাইডাৰ, পিষ্টল গ্ৰীপ আৰু পিষ্টল বেৰেল, এটা লেথ মেচিন , দুটা মিলিং মেচিন, এটা ড্ৰিলিং মেচিন আৰু আন বহুতো অস্ত্ৰ-শস্ত্ৰ।

লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কেঁচামাল আৰু আগ্নেয়াস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সঁজুলিও উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত মাধৰৱা থানাত ৰুজু হৈছে এক বিশেষ গোচৰ।