NORTHEAST NOW (Assamese)

ক’ৰ’না মহামাৰী সমাপ্ত হ’ল; পশ্চিমবংগ বিজেপিৰ অধ্যক্ষৰ উদ্ভট মন্তব্য

September 11, 2020 4:37 pm · এন ই নাও নিউজ

সমগ্ৰ দেশত ক’ৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে পশ্চিমবংগ বিজেপিৰ অধ্যক্ষ দিলীপ ঘোষৰ এক মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে।

”ক’ৰ’না মহামাৰী শেষ হ’ল। মমতা বেনাৰ্জীয়ে ইচ্ছা কৰি পশ্চিমবংগত ল’কডাউন ঘোষণা কৰিছে যাতে বিজেপিয়ে ৰেলী আৰু সভা অনুষ্ঠিত কৰিব নোৱাৰে,” দিলীপ ঘোষৰ মন্তব্য।

হুগলি জিলাৰ ধনাইখালিত অনুষ্ঠিত হোৱা এখন জনসভাত অংশগ্ৰহণ কৰি পশ্চিমবংগ বিজেপিৰ অধ্যক্ষ গৰাকীয়ে এইদৰে মন্তব্য কৰে।

আনহাতে, দিলীপ ঘোষৰ মন্তব্যৰ পাছতে ত্ৰিণামূল কংগ্ৰেছৰ তৰফৰ পৰা ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়।

”মানুহৰ জীৱনতকৈ দিলীপ ঘোষে ভোট বেংক পলিটিকছক অধিক গুৰুত্ব দিয়ে,” ত্ৰিণামূল কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে ঘোষৰ মন্তব্যৰ সমালোচনা কৰে।

উল্লেখযোগ্য যে, পশ্চিমবংগটো ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্ৰম কৰিছে।

Related News