NORTHEAST NOW (Assamese)

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

January 23, 2021 6:59 pm · এন ই নাও নিউজ
Updated: January 23, 2021 7:03 pm

 নিজৰ ৰাজ্যতে আজি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্মুখীন হ’বলগীয়া হ’ল  চূড়ান্ত অপমানৰ।

 দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই অপমান কৰিলে মমতা বেনাৰ্জীক।

শনিবাৰে কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত অনুষ্ঠিত হৈছিল পৰাক্ৰম দিৱসৰ কাৰ্যসূচী।

নেতাজীৰ  ১২৫ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰিছিল এই কাৰ্যসূচী।

 অনুষ্ঠানত ভাষণ প্ৰদানৰ মূহুৰ্ততে একাংশ দৰ্শকে মমতা বেনাৰ্জীক উদ্দেশ্যি কেতবোৰ অশোভনীয় বাক্যবাণ এৰে। ফলত চূড়ান্ত ভাবে  অপমানিত হয় বংগ কন্যা মমতা।

 এই কাৰ্যত প্ৰধান মন্ত্ৰীৰ সন্মুখতে ক্ষোভ উজাৰিলে মমতা বেনাৰ্জীয়ে। নিজৰ ৰাজ্যতে এনেদৰে অপমানিত হোৱাৰ প্ৰতিবাদ স্বৰূপে ভাষণ প্ৰদান নকৰাকৈয়ে মঞ্চৰ পৰা নামি আহিল মুখ্য মন্ত্ৰী গৰাকী।

ভাষণ সামৰাৰ পূৰ্বে মমতাই  নেতাজীৰ স্মৃতিচাৰণ অনুষ্ঠানক একাংশই ৰাজনৈতিক সভালৈ পৰ্যবসিত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি যায়।

সন্দেহ কৰা অনুসৰি তৃণমূল কংগ্ৰেছৰ বিৰোধী  কোনো দলৰ সমৰ্থকেই মমতাক উদ্দেশ্যি কটু বাক্যবাণ নিক্ষেপ কৰিছিল।

বহুতে এই কাৰ্যত বিজেপিৰ সমৰ্থক জৰিত বুলি মুকলিকৈয়ে মন্তব্য কৰা দেখা গৈছে।

Related News