NORTHEAST NOW (Assamese)

গে’ট বন্ধ! অন্য পথেৰে বিধান সভাত পশ্চিম বংগৰ ৰাজ্যপাল

December 5, 2019 10:19 pm · এন ই নাও নিউজ
ৰাজ্যপাল জগদীপ ধাংখাৰ। ছপ্বি সৌজন্য- উইকিমিদিয়া কমনছ।

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধাংখাৰে বৃহস্পতিবাৰে নিৰ্ধাৰিত পথৰ সলনি আন বাটেৰে বিধান সভাত প্ৰৱেশ কৰিব লগা হৈছে।

ৰাজ্যপালৰ বাবে নিৰ্ধাৰিত ৩নং গে’টখনত প্ৰৱেশৰ বাবে ধাংখাৰে বহু সময় ধৰি অপেক্ষা কৰে।

কিন্তু গে’ট খোল নোখোৱাত তেওঁ সাংবাদিক আৰু বিষয়াৰ বাবে থকা ৪নং গে’টেৰে বাট ল’ব লগা হয়।

ঘটনাটোৱে, ৰাজ্যপাল ধাংখাৰৰমতে, দেশৰ গণতান্ত্ৰিক ইতিহাসক “লাজ”লৈ থেলিলে।

“৩নং গে’ট কিয় বন্ধ আছিল? মই আগতীয়াকৈ জনোৱাৰ পিছতো গে’টখন বন্ধ আছিল। স্থগিত বিধান সভাই এইটো নুবুজায় যে ই বন্ধ হৈ গৈছে,” তেওঁ কয়।

বিধান সভাৰ সা-সুবিধা আৰু পুথিভঁৰাল চোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰি ধাংখাৰে বুধবাৰে অধ্যক্ষ বিমান বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

ৰাজ্যপাল ধাংখাৰে অনুমোদন নজনোৱাৰ বাবে সদনত উত্থাপন কৰিব লগা কেইখনমান বিধেয়ক চৰকাৰে দাখিল কৰিব পৰা নাছিল।

সেই ঘটনাৰ পিছতে বিধান সভাৰ অধ্যক্ষ বেনাৰ্জীয়ে হঠাতে দুদিনৰ বাবে সদন স্থগিত ঘোষণা কৰে।

Related News