NORTHEAST NOW (Assamese)
দেশ

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত পঁচা মাংস: অসুস্থ শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2023 4:14 pm
mid-day meal

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে মধ্যাহ্ন ভোজনৰ বিতৰ্কই। মধ্যাহ্ন ভোজনৰ নামত ভোজনৰ অনুপযোগী খাদ্য দিয়াৰ অভিযোগত সময়ে সময়ে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ উত্থাপিত হৈছে ছাত্ৰ-ছাত্ৰীক দুৰ্গন্ধময় মাংস দিয়াৰ অভিযোগ।

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনাৰ কুলতলীৰ নকুল সহদেৱ হাইস্কুলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি সোমবাৰে এই বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীক ভাতৰ লগত পঁচা মাংস খাবলৈ দিয়া হৈছিল।

বিদ্যালয়খনৰ এশৰো অধিক ছাত্ৰ-ছাত্ৰী এই খাদ্য খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে। এই ঘটনা সম্পৰ্কে অভিভাৱকসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে।

অসুস্থ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়লৈ নিবলগীয়া হয়। অৱশ্যে কুলতালি বিদ্যালয়ৰ পৰিদৰ্শক সৌৰভ চক্ৰৱৰ্তীয়ে কোনো ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসালয়ত ভৰ্তি কৰিব পৰাকৈ অসুস্থ নহয় বুলি সদৰী কৰে।

চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ যাবলৈ দিয়া হয় বুলি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। ইফালে বিদ্যালয়খনে ইয়াৰ পূৰ্বেও অস্বাস্থ্যকৰ মধ্যাহ্ন ভোজন প্ৰদান কৰাৰ অভিযোগ তুলিছে অভিভাৱকসকলে।

পুনৰ এনে ঘটনাত অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাৰ পিছত বিদ্যালয়খনৰ কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে।