NORTHEAST NOW (Assamese)
Popular Stories

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোক যাব লাগিব ডিটেনচন কেম্পলৈ: বিজেপি সাংসদৰ মন্তব্যক লৈ উত্তপ্ত পশ্চিমবংগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2025 5:42 pm

পশ্চিমবংগত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হ’ব বুলি বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনন্ত ৰায় (মহাৰাজ)য়ে কৰা মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কোচবিহাৰ জিলাৰ দিনহাটাত অনুষ্ঠিত এখন সভাত ৰায়ে এই মন্তব্য কৰে, যাৰ এটা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অনন্ত ৰায়ে নিজৰ বক্তব্যত দাবী কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিটেনচন কেম্প স্থাপনৰ নিৰ্দেশ দিছে। তেওঁ কয়, “যিসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব, তেওঁলোকক ডিটেনচন কেম্পত ৰখা হ’ব। তাৰ পিছত তেওঁলোকক যাৱতীয় প্ৰমাণ দাখিল কৰিবলৈ কোৱা হ’ব।” লগতে তেওঁ উল্লেখ কৰে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধাসমূহো বন্ধ কৰি দিয়া হ’ব।

ৰায়ৰ এই বক্তব্যক লৈ সাধাৰণ ৰাইজৰ মাজত আতংক আৰু অসন্তোষৰ সৃষ্টি হৈছে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে স্থানীয় বাসিন্দাসকলক কিয় বাৰে বাৰে নিজৰ পৰিচয় আৰু শিপাৰ প্ৰমাণ দিবলৈ বাধ্য কৰা হয়।

ইফালে, এই বিতৰ্কৰ মাজতে বিজেপিৰ পশ্চিমবংগ গোটে অনন্ত ৰায়ৰ বক্তব্যক তেওঁৰ ব্যক্তিগত মত বুলি অভিহিত কৰি ইয়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই কয় যে তেওঁ এই বক্তব্যৰ সম্পূৰ্ণ প্ৰসংগ নাজানে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত কেৱল কেন্দ্ৰীয় নেতৃত্বইহে ল’ব পাৰে।

আনহাতে, কোচবিহাৰৰ তৃণমূল কংগ্ৰেছ নেতা গীৰিন্দ্ৰনাথ বৰ্মনে অনন্ত ৰায়ৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে যিহেতু ৰায় এজন বিজেপিৰ সাংসদ, সেয়েহে এই স্পর্শকাতৰ বিষয়টোত প্ৰধানমন্ত্ৰীয়ে স্পষ্টীকৰণ দিব লাগে। এই মন্তব্যক লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত হৈ পৰাৰ লগতে ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াক লৈ নতুন বিতৰ্কৰ সূচনা হৈছে।