NORTHEAST NOW (Assamese)

যদি খেলুৱৈ সকলে কোৱাৰেণ্টাইনত থাকিব পাৰে আম্পায়াৰ সকলে কিয় নোৱাৰে?, জেছন হোল্ডাৰৰ প্ৰশ্ন

December 15, 2020 2:26 pm · এন ই নাও নিউজ
Jason Holder

ক’ৰ’না মহামাৰীৰ সময়ত আম্পায়াৰ সকলে কোৱাৰেণ্টাইনত থকা সন্দৰ্ভত মত ব্যক্ত কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ টেষ্ট অধিনায়ক জেছন হোল্ডাৰে।

জেছন হোল্ডাৰে কয় যে, ক্ৰিকেটাৰ সকলে অন্য দেশলৈ ভ্ৰমণ কৰাৰ সময়ত কোৱাৰেণ্টাইনত থকাৰ দৰে আম্পায়াৰ সকলেও কোৱাৰেণ্টাইনত থকা উচিত।

‘‘মই এতিয়াও বুজি পোৱা নাই কিয় এতিয়াও খেলত নিজ দেশৰ আম্পায়াৰ ব্যাৱহাৰ কৰি থকা হৈছে। যদি খেলুৱৈ সকলে নিজে উৎসৰ্গা কৰি ক্ৰিকেট খেল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেন্তে আম্পায়াৰ সকলে কিয় নোৱাৰে,’’ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অধিনায়ক গৰাকীয়ে প্ৰশ্ন কৰে।

জেছন হোল্ডাৰৰ মতে, ক্ৰিকেটাৰ সকলৰ দৰে আম্পায়াৰ সকলেও ভ্ৰমণ কৰিব লাগে আৰু বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে অন্য দেশলৈ ভ্ৰমণ কৰাৰ সময়ত ক্ৰিকেটাৰ সকলে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰা হৈছে।

বহু সংখ্যক ক্ৰিকেটাৰে কোৱাৰেণ্টাইন কাল যথেষ্ট অৱসাদ পূৰ্ণ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি কোৱাৰেণ্টাইনৰ ম্যাদ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ লগতে উক্ত সময়ছোৱাত প্ৰশিক্ষণৰ অনুমতি দিয়াৰ বাবেও আহ্বান জনায়।

বাধ্যতামূলক কোৱাৰেণ্টানত থকা সময়ছোৱাত ক্ৰিকেটাকৰ সকলে নিজৰ হোটেলৰ কোঠাৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।

Related News