NORTHEAST NOW (Assamese)

ক্ৰিকেটত বৰ্ণবাদক মেচ ফিক্সিং আৰু ড’পিঙৰ সম পৰ্যায়ৰ অপৰাধ হিচাপে গণ্য কৰিব লাগে : জেচন হোল্ডাৰ

June 28, 2020 5:30 pm · এন ই নাও নিউজ
জেছন হোল্ডাৰ, উৎস-ইণ্টাৰনেট

ক্ৰিকেটৰ পথাৰত বৰ্ণবাদক মেচ ফিক্সিং আৰু ড’পিঙৰ সমপৰ্যায়ৰ অপৰাধ হিচাপে গন্য কৰিব লাগে বুলি মন্তব্য কৰিছে ৱেষ্ট ইণ্ডিজৰ টেষ্ট দলৰ অধিনায়ক জেচন হোল্ডাৰে।

”ড’পিং আৰু দুৰ্নীতিৰ বাবে সন্মুখিন হ’বলগীয়া জৰিমণাৰ সৈতে বৰ্ণবাদৰ কোনো পাৰ্থক্য থকা বুলি মই নাভাবো,” জেচন হোল্ডাৰে লগতে কয়।

ক্ৰিকেটৰ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে  এণ্টি ড’পিং আৰু দুৰ্নীতি বিৰোধী নীতি-নিৰ্দেশনাৰ বৰ্ণনা আগবঢ়োৱা ধৰণে বৰ্ণবাদ বিৰোধী বৰ্ণনাও আগবঢ়োৱা উচিত বুলি হোল্ডাৰে মত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক ডাৰেণ ছামীয়ে বৰ্ণবাদ সম্বন্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।

ছামীয়ে আই পি এলত থকা সময়ত চান ৰাইজ হায়দৰাবাদৰ সতীৰ্থ কিছুসংখ্যকে তেওঁক কালু বুলি সম্বোধন কৰিছিল বুলি উল্লেখ কৰি তেওঁ সেই সতীৰ্থ সকলৰ পৰা তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰে বুলি মন্তব্য কৰিছিল।

আমেৰিকাত বিগত মাহত আৰক্ষীয়ে এগৰাকী কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ণবাদৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হৈছিল।

Related News