NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ চাৰিটা ষ্টেজ কি? ভাৰত এতিয়া কোনটো পৰ্য্যায়ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 10:22 pm
What are the four stages of COVID19?

ভাৰতত যোৱা ২৪ ঘণ্টাত অভিলেখসংখ্যক ১৪৯ গৰাকী নতুনকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত কৰা হৈছে।

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৮৭৩ (শেহতীয়া তথ্য মতে ৯৩৩)লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ২০ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৮০ গৰাকী ৰোগীক সুস্থ হোৱা বা চিকিৎসা প্ৰদানৰ অন্তত যাবলৈ দিয়া হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় (ষ্টেজ ৩) পোৱাগৈ নাই।

আহক জানো মহামাৰী COVID19ৰ সংক্ৰমণৰ চাৰিটা ষ্টেজ–

ষ্টেজ ১

ষ্টেজ ১ত কাৰোবাৰ জৰিয়তে আক্ৰান্ত দেশৰ পৰা সংক্ৰমণৰ আমদানি হয়। এই ষ্টেজত স্থানীয়ভাৱে সংক্ৰমিত লোক নাথাকে। এই পৰ্য্যায়ত ৰোগবিধ স্থানীয়ভাৱে নিবিয়পে। বিদেশৰ পৰা কোনো ব্যক্তিৰ দেহত এই বীজাণু আহে।

ভাৰতে এই পৰ্য্যায় অতিক্ৰম কৰিছে।

ষ্টেজ ২

এই পৰ্য্যায়ত স্থানীয়ভাৱে ৰোগৰ সংক্ৰমণ সংঘটিত হয়। কিন্তু কাৰ পৰা ৰোগবিধ বাগৰিছে সেয়া চিনাক্ত কৰিব পৰা অৱস্থাত থাকে।

এই পৰ্য্যায়ত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰিব পৰা অৱস্থাত থাকে।

ফলত ৰোগী বা তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক আছুতীয়াকৈ ৰাখিব পৰা যায়।

ভাৰতত COVID19 বৰ্তমান ষ্টেজ ২ত আছে।

ষ্টেজ ৩

এই পৰ্যায় COVID19ৰ এক গুৰুতৰ পৰ্য্যায়। এই পৰ্য্যায়ত সামূহিক সংক্ৰমণ সংঘটিত হয়।

সামূহিক সংক্ৰমণৰ পৰ্য্যায় আৰম্ভ হোৱাৰ লগে লগে আক্ৰান্ত ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি পায়।

এই পৰ্য্যায়ত ৰোগীজনৰ সংক্ৰমণটো ক’ৰপৰা হ’ল তাক বিচাৰি উলিওৱাৰ উপায় নাথাকে।

আমেৰিকা, ইটালি, স্পেইন আদি বৰ্তমান ষ্টেজ ৩ত আছে।

ভাৰতত ষ্টেজ ৩ পৰ্য্যায়ৰ সংক্ৰমণৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

ষ্টেজ ৪

ষ্টেজ ৪ মহামাৰীৰ পৰ্য্যায়। এই পৰ্য্যায়ত অতি বেছিকৈ সংক্ৰমণ বৃদ্ধি পায় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে।

ৰোগৰ সংক্ৰমণ ৰোধাটোও কঠিন হৈ পৰে।

COVID19ৰ উৎপত্তিস্থল চীনে এই ষ্টেজ ৪ পাৰ কৰিছে।

মাৰাত্মক কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে বিশ্বজুৰি লকডাউন আৰু সামাজিক দূৰত্ব বজাই চলাটো কাৰ্য্যকৰী উপায়ৰূপে ইতিমধ্যে স্বীকৃত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাত্মক কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰিছে।

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

কৰ’নাভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ আৰু কেৰালা। মহাৰাষ্ট্ৰত কৰ’নাভাইৰাছ আক্ৰান্ত ১৮০ গৰাকীলৈ বৃদ্ধি পাইছে। কেৰালাত এই সংখ্যা হৈছে ১৭৩ (।)

বিশ্বজুৰি আধা নিযুততকৈয়ো অধিক লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে।

২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু ঘটিছে।