NORTHEAST NOW (Assamese)
অসম

অসমত ১২০টা লকডাউন উলংঘনৰ ঘটনা, তিনিজনক জেল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 28, 2020 9:38 pm
Lockdown: 120 cases of violation reported in Assam

অসমত লকডাউন উলংঘনৰ বহুবিলাক ঘটনা সংঘটিত হৈছে। শনিবাৰলৈকে তিনিজন ব্যক্তিক এই সংক্ৰান্তত জেললৈ প্ৰেৰণ কৰা হৈছে।

অসমত মুঠ ১২০টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে। গোচৰ ৰুজু হৈছে ১৪০টা।

লকডাউন উলংঘাৰ বাবে আৰক্ষীয়ে মুঠ ২৭৬ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰে ১৫০ গৰাকীক জামিনত মুকলি কৰি দিয়া হৈছে।

লকডাউনৰ সময়চোৱাত মুঠ ৪৬০খন বাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৩৮৪খন দুচকীয়া আৰু ৭৬খন চাৰিচকীয়া বাহন।

লকডাউনৰ সময়চোৱাত মুঠ ২,২০,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাত্মক কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় পোৱাগৈ নাই।

যোৱা ২৪ ঘণ্টাত অভিলেখসংখ্যক ১৪৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ভাৰতত নতুনকৈ চিনাক্ত কৰা হৈছে।

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৮৭৩লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৯ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৭৯ গৰাকী ৰোগীক সুস্থ হোৱা বা চিকিৎসা প্ৰদানৰ অন্তত যাবলৈ দিয়া হৈছে।

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

কৰ’নাভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ আৰু কেৰালা। মহাৰাষ্ট্ৰত কৰ’নাভাইৰাছ আক্ৰান্ত ১৮০ গৰাকীলৈ বৃদ্ধি পাইছে। কেৰালাত এই সংখ্যা হৈছে ১৭৩ (।)

বিশ্বজুৰি আধা নিযুততকৈয়ো অধিক লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে।

২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু ঘটিছে।