কি হৈছে মানুহবোৰৰ? প্ৰচণ্ড শীতত অন্তৰ্বাস পৰিধান কৰি ৰে’ল যাত্ৰা শতাধিক যাত্ৰীৰ
এই শীতৰ মাজতেই লণ্ডনৰ আণ্ডাৰগ্ৰাউণ্ড ৰেলত দেওবাৰে বিয়লি এক আচৰিত দৃশ্য দেখা গ’ল। শ শ লোকে পেণ্ট বা ট্ৰাউজাৰ অবিহনেই কেৱল অন্তৰ্বাসেৰে ৰেলত উঠি ভ্ৰমণ কৰিলে। আচলতে বাৰ্ষিক নো ট্ৰাউজাৰ্ছ টিউব ৰাইড পুনৰ ঘূৰি আহিছে।
প্ৰথমে চাইনাটাউনৰ নিউপোৰ্ট প্লেচত পুৰুষ আৰু মহিলা অংশগ্ৰহণকাৰীসকল একগোট হৈছিল। বাহিৰৰ উষ্ণতা হিমাংকৰ ওচৰা-উচৰি আছিল যদিও ৰঙীন অন্তৰ্বাসেৰে কোনোৱে হাঁহি মুখে আকৌ কোনোৱে একেবাৰে স্বাভাৱিক ভংগীৰে ৰেলৰ ডবাত প্ৰৱেশ কৰে। একেধৰণৰ ভিৰ ৱাটাৰলু, ৱেষ্টমিনিষ্টাৰ আৰু চাউথ কেনসিংটন ষ্টেচনতো দেখা গৈছিল। বিবিচিৰ প্ৰতিবেদন অনুসৰি লণ্ডনৰ বিভিন্ন প্ৰান্তত এই দৃশ্য দেখি বহু নিত্যযাত্ৰী যেনেকৈ আচৰিত হৈছে তেনেকৈ বহুতে আকৌ মিচিকিয়াই হাঁহিছে।
ছচিয়েল মিডিয়াত বিয়পি পৰা ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে অংশগ্ৰহণকাৰীসকলে এস্কেলেৰেটৰেৰে নামি আহিছে, প্লেটফৰ্মত থিয় হৈ চেলফি তুলিছে বা ট্ৰেইনৰ ভিতৰত আৰামেৰে পোজ দিছে। কাৰোবাৰ অন্তৰ্বাস একেবাৰে সাধাৰণ আকৌ কাৰোবাৰটো ৰঙীন বা চকুত পৰা ধৰণৰ আছিল। কিন্তু সকলোৰে মাজত এক ধৰণৰ আত্মবিশ্বাস আছিল যেন এয়া দিনটোৰ আটাইতকৈ স্বাভাৱিক কামহে।
এই আয়োজনৰ উদ্যোক্তাসকলে আগতীয়াকৈ ফেচবুকত অংশগ্ৰহণকাৰীসকলক এটা স্পষ্ট নিৰ্দেশ দিছিল যে অন্তৰ্বাস যেন যিমান পাৰি সাধাৰণ হয় যাতে দেখিলে এনে লাগে যেন তেওঁলোকে ট্ৰাউজাৰ পিন্ধিবলৈ পাহৰিহে গৈছে। দ্য ইণ্ডিপেনডেণ্টৰ প্ৰতিবেদন অনুসৰি এই পাহৰি যোৱাৰ ভাও ধৰাটোৱেই সমগ্ৰ ঘটনাটোৰ মূল মজা।
এই উদ্যোগৰ আঁৰত কোনো ৰাজনৈতিক বাৰ্তা বা প্ৰতিবাদ নাই বুলি আয়োজকসকলে বাৰে বাৰে জনাইছে। ইয়াৰ মূল উদ্দেশ্য এটাই যে শীতৰ মাজত অলপ পাতল পৰিৱেশ আৰু হাঁহিৰ খোৰাক যোগোৱা। এই আয়োজনৰ অন্যতম মুখ ডেভ চেলকাৰ্কে কয় যে চাৰিওফালে ইমান বেয়া খবৰ আৰু গাম্ভীৰ্যৰ মাজত কেতিয়াবা কেতিয়াবা কেৱল মজা কৰাৰ বাবে কোনো কাৰণ নোহোৱাকৈয়ে কিবা এটা কৰা দৰকাৰ।
এই অভিনব ধাৰণাটোৰ জন্ম হৈছিল নিউয়ৰ্কত। ২০০২ চনত স্থানীয় কৌতুক অভিনেতা চাৰ্লি টডে প্ৰথমে এনে এটা আয়োজন কৰিছিল। তেওঁৰ মনলৈ আহিছিল যে শীতৰ মাজত কোনোবাই যদি টুপি, হাতমোজা আৰু স্কাৰ্ফ পিন্ধি চাবৱেত উঠে কিন্তু পেণ্ট নিপিন্ধাকৈ থাকে তেন্তে সেয়া দেখি মানুহে অলপ থমকি ৰ’ব আৰু হাঁহিব। সেই চিন্তাটোৱেই পাছলৈ এক আন্তৰ্জাতিক পৰম্পৰাত পৰিণত হয়।
চাৰ্লি টডে নিজেই বিবিচিক কৈছে যে এই আয়োজনৰ একমাত্ৰ উদ্দেশ্য হৈছে অপ্ৰত্যাশিত আনন্দ আৰু বিস্ময় সৃষ্টি কৰা। তেওঁৰ মতে মানুহে আজিকালি তৰ্ক-বিতৰ্কত ভাগৰি পৰিছে আৰু তেওঁৰ লক্ষ্য আছিল মানুহক হঁহুৱাই অলপ শান্তি দিয়া। প্ৰথম বছৰত নিউয়ৰ্কত মাত্ৰ সাতজন লোকে অংশ লৈছিল। তেওঁলোকে এনেদৰে ভাও দিছিল যেন কোনোৱে কাকো চিনি নাপায়। কেইবছৰমানৰ ভিতৰতে এই সৰু ধেমালিটোৱে এটা উৎসৱৰ ৰূপ লয়। ইয়াৰ পিছৰ পৰা চিকাগো, ছান ফ্ৰান্সিস্কো, টৰণ্টো, ৱাশ্বিংটন ডিচিৰ দৰে বিশ্বৰ বহু ডাঙৰ চহৰত এই নো ট্ৰাউজাৰ্ছ ৰাইড অনুষ্ঠিত হৈ আহিছে। লণ্ডনৰ এইবাৰৰ আয়োজনেও দেখুৱাই দিলে যে কঠিন সময়ৰ মাজতো মানুহে এতিয়াও হাঁহিৰ সুযোগ বিচাৰি লয়।