আচলতে কি হৈছিল সেইদিনা? জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ খুলিলে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে
আচলতে ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ লগত? ৰহস্যৰ আবৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যু! হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অকাল বিয়োগত শোকাহত সমগ্ৰ অসম। সৰুসজাই ষ্টেডিয়ামত প্ৰিয় শিল্পীগৰাকীক অন্তিম শ্রদ্ধা জনাবলৈ জনসমুদ্ৰই প্ৰমাণ কৰিছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰমৰ পৰিসৰ। কিন্তু ইয়াৰ মাজতেই উত্থাপন হৈছে এটা গুৰুত্বপূর্ণ প্ৰশ্ন জুবিনৰ মৃত্যু সঁচাকৈ স্বাভাৱিক নে ইয়াৰ অন্তৰত ৰহস্য লুকাই আছে?
জুবিনৰ দেহত নীলা পৰা, শাৰীৰিক অসুস্থতাৰ মাজতো সাগৰত সাঁতুৰিবলৈ দিয়া, অনুষ্ঠান আয়োজকৰ অবহেলা – সকলো বিষয়েই এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে সঞ্জীৱ নাৰায়নৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে থানাত এজাহাৰো দাখিল হৈছে।
এই পৰিপ্ৰেক্ষিতত ছিংগাপুৰলৈযোৱা দলটোৰ আন এজন সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ কেইটামান ৱাটছএপ মেছেজ ভাইৰেল হোৱাৰ পিছতেই তেওঁ সংবাদ মাধ্যমৰ আগত মুখ খোলে।
শেখৰজ্যোতিয়ে সনংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে “মানুহে মোক কৈছে মই কিয় মানা নকৰিলোঁ। কিন্তু মই একেলগে ১৪ জনৰ মাজত আছিলোঁ, মোৰ কথা মানি নল’লে কি কৰিব পাৰোঁ? মই তেতিয়া বহি আছিলোঁ, হঠাতে দাদাই পানীত জাঁপ মাৰে। মই দাঙি দিওঁতেই মুখ-নাকৰ পৰা ফেন ওলাল, বমিও কৰিলে। বমিত মাংস আৰু বিয়েৰ গন্ধ আছিল।”
তেওঁ সিদ্ধাৰ্থৰ সন্দৰ্ভত তেওঁ কয় “সিদ্ধাৰ্থই মানা নকৰিলে। কিন্তু সঁচা কথা কওঁ, দাদাই কোনোৱে মানা কৰিলে তাক নুশুনে। পানীত নামি সাঁতুৰি শুই থকা বোৰে কৈছিল, ‘বঢ়িয়া লাগে অ’, যেন বিছনাত শুইছো।’ তাৰ পিছতেই পানীত নামিলে।”
ঘটনাৰ অন্তিম মুহূৰ্ত বৰ্ণনা কৰি তেওঁ কয় “একেবাৰে ঢলি পৰাৰ দৰে হ’ল, তেতিয়া মই চিঞৰিলোঁ। পাইলটে পানীত জাঁপ মাৰি উদ্ধাৰ কৰি এখন বোটত উঠায়। প্ৰায় ১০ মিনিটৰ পাছত চিকিৎসকে CPR দিলে। আধা ঘণ্টাৰ ভিতৰত হস্পিতাললৈ নিয়াৰ ব্যৱস্থা হ’ল। তাতেই সঞ্জীৱ নাৰায়ণ উপস্থিত হৈছিল। সেই সময়ত জুবিনৰ লগত কেৱল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ আছিল।
শেখৰজ্যোতিয়ে লগতে কয় যে জুবিনে সাগৰলৈ যাবৰ পূৰ্বে ঔষধ নলোৱাৰ কথাও তেওঁলোকে জানিছিল। ঘটনাৰ পিছত পুৱা ৪ বজালৈকে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক জেৰা কৰে আৰু জুবিন থকা কোঠাটোতো অনুসন্ধান চলাই বুলি উল্লেখ কৰিছে।