NORTHEAST NOW (Assamese)

চকু জ্বলাপোৰা কৰিলে কি কৰিব?

February 26, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 25, 2025 8:30 pm

বিভিন্ন কাৰণত চকুৰ জ্বলাপোৰা কৰিব পাৰে। বিশেষকৈ টোপনি ক্ষতি, দীৰ্ঘসময় ধৰি ৰ’দত থকা বা কম্পিউটাৰৰ সমুখত থাকিলে চকু জ্বলাপোৰা কৰিব পাৰে।

চকু জ্বলাপোৰা কৰিলে সাধাৰণতে চকুৰ পৰা পানী ওলোৱা, ৰঙা পৰা আদি লক্ষণ দেখা দিয়ে।

চকু জ্বলাপোৰা কৰিলে কি কৰিব জানো আহক –

 ১. ডাক্তৰৰ পৰামৰ্শ লওক

লক্ষণ দেখা দিলে চিকিৎসকৰ ওচৰলৈ যাওক। ইয়াৰ কাৰণ ভাইৰাছ, বেক্টেৰিয়া, এলাৰ্জি, বা অন্যান্য সমস্যাৰ বাবেও চকু জ্বলাপোৰা কৰিব পাৰে।

২. চকু চুব নালাগে

জ্বলাপোৰা কৰিলে কেতিয়াও চকু মোহাৰিব বা চুব নালাগে। এনে কৰিলে সংক্ৰমণ বাঢ়িব পাৰে বা আনলৈকো বিয়পিব পাৰে। হাত

 ৩. চকু পৰিষ্কাৰ কৰক 

জ্বলাপোৰা কৰিলে পৰিস্কাৰ পানীৰে চকুহাল ধুই দিব পাৰে।

 ৪. ঠাণ্ডা বা গৰম সেক লওক

এলাৰ্জি বা জ্বলা-পোৰা কমাবলৈ ঠাণ্ডা বা গৰম বস্তুৰে সেক দিব পাৰে।

 ৫. অন্যান্য সাৱধানতা

কেতিয়াও আনৰ চকুৰ প্ৰসাধন, টাওয়েল আদি ব্যৱহাৰ নকৰিব। 

Related News