NORTHEAST NOW (Assamese)

কলীয়া মেঘে ঢাকিলে ঐ…সকলো মেঘে বৰষুণ নিদিয়ে, বৰষুণ দিয়া মেঘৰ নাম জানেনে?

August 16, 2020 11:13 am · এন ই নাও নিউজ

আকাশ মেঘে ঢাকিলে মানেই বৰষুণ হ’ব তেনে কোনো কথা নাই।

কাৰণ সকলো মেঘে বৰষুণ নিদিয়ে। কমোৱা তুলাৰ দৰে উৰি ফুৰা শুকুলা মেঘৰ পৰা বৰষুণ আশা কৰাটো মিছা।

বৰষুণ হ’য় ঘন ক’লা মেঘৰ পৰাহে। বৰষুণ হোৱাৰ প্ৰক্ৰিয়া আমাৰ সকলোৰে জ্ঞাত। সূৰ্যৰ তাপত পানী ভাপ হৈ আকাশলৈ উৰি যায় আৰু মেঘৰ ৰুপত জমা হয়।

জলীয় বাষ্পৰে পৰিপূৰ্ণ মেঘৰ মাজেৰে সূৰ্যৰ ৰশ্মি সৰকি আহিব নোৱাৰাৰ বাবেই আমি তেনে মেঘক ক’লা দেখো। এই মেঘৰ পৰাই বৰষুণ হয়।

আকাশত উপঙি ফুৰা মেঘৰ নানা নাম আছে। মেঘে অৱস্থান কৰা উচ্চতা অনুসৰি মেঘৰ নামো বেলেগ বেলেগ  হয়।

ভূপৃষ্ঠৰ পৰা ১০০০-৫০০০ ফুট উচ্চতাত বিচৰণ কৰা মেঘৰ পৰাই সাধাৰণতে বৰষুণ হয়।

বৰষুণ দিয়া এনে মেঘৰ নাম কি জানেনে আপুনি? বৰষুণ দিয়া মেঘৰ নাম হৈছে নিম্বাছ মেঘ।

নিম্বাছ মেঘৰ পৰাহে বৰষুণ হয়। পৃথিৱীৰ পৰা মধ্যমীয়া দূৰত্বত অৰ্থাৎ নিম্বাছ মেঘৰ ওপৰত বিচৰণ কৰা মেঘক কোৱা হয় এল্ট’কিউমুলাছ মেঘ বুলি।

ভূপৃষ্ঠৰ পৰা বহু ওপৰত উৰি ফুৰা মেঘৰ নাম চিৰ’কিউমুলাছ। এনে মেঘৰ পৰা বৰষুণ নহয়।

Related News