NORTHEAST NOW (Assamese)

কি সাংঘাতিক নতুন ফিচাৰ আহিছে WhatsAppত?

October 24, 2019 4:45 pm · এন ই নাও নিউজ
Updated: October 24, 2019 4:47 pm
ৱটচএপৰ প্ৰতীকী ফাইল ছবি।

জনপ্ৰিয় মেছেজিং এপ ৱটচএপত আহিছে এক সাংঘাতিক নতুন ফিচাৰ।

খবৰমতে, আইফ’ন ব্যৱহাৰকাৰীৰ বাবে এই নতুন বুমেৰাং ফিচাৰটো ৱটচএপে ইতিমধ্যে মুকলি কৰিছে।

আইফ’নৰ বাবে মুকলি কৰা এই বিটা ভাৰ্জনটো হৈছে 2.19.100 (।)

কিয় সাংঘাতিক এই নতুন ফিচাৰ?

ইনষ্টাগ্ৰামৰ দৰে ৱটচএপ ইউজাৰেও এতিয়া ব্যৱহাৰ কৰিব পাৰিব বুমেৰাং।

কাৰণ এই ফিচাৰৰ যোগেদি আপুনি যিকোনো অ’ডিঅ’, ভিডিঅ’ আৰু ফ’ট’ এদিট কৰিব পাৰিব।

আৰু এই নতুন ফিচাৰৰ যোগেদি সেইসমূহৰ শ্বৰ্টকাটো উপলব্ধ হ’ব।

ৱটচএপৰ লগতে ইনষ্টাগ্ৰাম আৰু ফে’চবুক– এই তিনিওটা চ’চিয়েল মিডিয়া ফে’চবুক মালিকানাধীন।

Related News