NORTHEAST NOW (Assamese)
Popular Stories

গুৰুত্বপূৰ্ণ! হোৱাটছাপ মেচেজৰ তলত ৰঙা আঁচ আহিছে নেকি? তেন্তে জানক এইসমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2021 6:14 pm
গুৰুত্বপূৰ্ণ! হোৱাটছাপ মেচেজৰ তলত ৰঙা আঁচ আহিছে নেকি? তেন্তে জানক এইসমূহ

বিগত কিছুদিন ধৰি হোৱাটচাপত (WhatsApp) এটা মেচেজ বহুলভাৱে আদান-প্ৰদান হৈছে।

বাৰ্তাটোত দাবী কৰা মতে, ভাৰত চৰকাৰৰ নতুন তথ্যপ্ৰযুক্তি আইন প্ৰচলন হোৱাৰ পাছত হোৱাটছাপ মেচেজৰ তলত দুডাল নীলা আঁচৰ লগতে ৰঙা আঁচ থকা যদি দেখা পায়, তেন্তে জানিব যে আপোনাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱা আৰম্ভ কৰিছে।

তদুপৰি মেচেজটোত জনোৱা হৈছে যে নতুন ট্ৰেচেবিলিটি নিয়ম অনুসৰি সকলো হোৱাটছাপ কল ৰেকৰ্ড কৰা হ’ব, যিটো সম্পূৰ্ণ অসত্য।

ভুৱা মেচেজটোত আৰু জনোৱা হৈছে যে সকলো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে সংযোজিত থাকিব।

প্ৰকৃততে হোৱাটছাপৰ সকলো কল আৰু মেচেজ ইণ্ড টু ইণ্ড এনক্ৰিপ্টেডৰ (End to End Encrypted) দ্বাৰা সুৰক্ষিত, সেয়ে কোনো তৃতীয় ব্যক্তিৰ বাবে সেয়া ৰেকৰ্ড কৰা অসম্ভৱ।

আনকি হোৱাটছাপ কৰ্তৃপক্ষইও কোনো মেচেজ অথবা কল ৰেকৰ্ড কৰিব নোৱাৰে।