NORTHEAST NOW (Assamese)
অসম

Health Tips: সুস্বাস্থ্যৰ বাবে আমি কেতিয়া খোজ কাঢ়িব লাগে?

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী June 21, 2022 3:25 pm

Health Tips এটা সুস্থ শৰীৰ, সুন্দৰ চেহেৰাৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ’বলৈ আমি সদায় কিছুসময়ৰ বাবে খোজ কাঢ়িব লাগে।

এটা সুস্থ জীৱনৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। নিজৰ সুবিধা অনুযায়ী নিয়মীয়াকৈ খোজকঢ়া অতি দৰকাৰী।

বিশেষজ্ঞ সকলৰ মতে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে শৰীৰৰ বাবে অতি উপকাৰী।

কিন্তু আমি বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত টি ভিৰ ওচৰত বহো নহ’লে ম’বাইলত ব্যস্ত হৈ থাকো। কেতিয়াবা আহাৰ খোৱা হ’লেই শুবলৈ যাওঁ। কিন্তু আমি এনে কৰিলে জানো আমাৰ শৰীৰৰ বাবে ভাল?

প্ৰতিনিধিত্বমূলক ফটো।

বেমাৰ আজাৰৰ পৰা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কঢ়া অভ্যাস গঢ়ি তোলা উচিত।

ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িব লাগে। খোজ কঢ়াৰ ফলত খোৱা বস্তু সোনকালে হজম হয় আৰু পেটৰ বহুত সমস্যাৰ পৰা মুক্ত হয়।

তদুপৰি ৰাতি আহাৰ খোৱাৰ পাছত খোজ কাঢ়িলে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি। মধুমেহ ৰোগীসকলৰ কাৰণে খোজ কঢ়াটো অতিকৈ প্ৰয়োজনীয় কাৰণ আহাৰ খোৱাৰ পাছত খোজ কাঢ়িলে শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

প্ৰতিনিধিত্বমূলক ফটো।

খোজ কাঢ়িলে শৰীৰৰ কেলৰি ক্ষয় হয় যাৰ ফলত ওজন কমোৱাত সহায় হয়। যদিহে আপোনাৰ পিঠি বিষৰ বা কঁকালৰ বিষৰ সমস্যাও আছে তেন্তে নিশ্চয়কৈ খোজ কাঢ়ক। খোজ কঢ়াটো পিঠি বিষৰ বাবে প্ৰাকৃতিক ঔষধ।

খোজ কঢ়াটো নিতৌ পুৱা আমাৰ দৈনন্দিন কাৰ্যসূচী হিচাপত ল’ব লাগে। নিতৌ পুৱা খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি।

নিয়মিতভাৱে খোজ কাঢ়িলে মুঠৰ ওপৰত হৃদ ৰোগৰ পৰা বাচি থাকিব পাৰি, হতাশা আৰু উদ্বিগ্নতা কমোৱাটো ই  সহায় কৰে, হাড় সবল কৰে আৰু ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

প্ৰতিনিধিত্বমূলক ফটো।

ইয়াৰ উপৰিও খোজ কাঢ়িলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি, শাৰীৰিক সক্ৰিয়তা বাঢ়ে, মনৰ অলসতা দূৰ কৰে আৰু স্মৃতিশক্তি অটুট ৰখাতো সহায় কৰে।