NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ

June 27, 2023 9:05 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

হোৱাইট হাউছে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ছাব্ৰিনা ছিদ্দিকীক হাৰাশাস্তি কৰাসকলৰ বিৰুদ্ধে তীব্ৰ গৰিহনা ব্যক্ত কৰিছে। যোৱা ২২ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে মোডীৰ দ্বিপাক্ষিক বৈঠকৰ পিছত হোৱাইট হাউছত অনুষ্ঠিত হোৱা এক সংবাদ অনুষ্ঠানৰ সময়ত ছিদ্দিকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতত গণতন্ত্ৰৰ পশ্চাদপসৰণৰ বিষয়ে প্ৰশ্ন কৰিছিল।

২৬ জুনত হোৱাইট হাউছৰ প্ৰেছ ব্রিফিঙত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কৌশলগত যোগাযোগৰ নেতা জন কির্বিয়ে কয় যে হাৰাশাস্তিৰ খবৰৰ বিষয়ে হোৱাইট হাউছ অৱগত আছিল৷

তেওঁ কয়, ‘এয়া গ্ৰহণযোগ্য নহয়, আৰু আমি যিকোনো পৰিস্থিতিত যিকোনো ঠাইতে সাংবাদিকক কৰা যিকোনো হাৰাশাস্তিক তীব্ৰ গৰিহণা দিছো।’

লগতে পঢ়ক: নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

মিষ্টাৰ কিৰ্বিয়ে লগতে কয় যে ই “যোৱা সপ্তাহত ৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত প্ৰদৰ্শিত হোৱা গণতন্ত্ৰৰ নীতিৰ বিপৰীত প্ৰতিফলন”।

২২ জুনত সংবাদ মাধ্যমৰ মত বিনিময় অনুষ্ঠানলৈ জো বাইডেনে ছিদ্দিকিক প্ৰশ্ন সুধিবলৈ মাতিছিল। ছিদ্দিকীয়ে মোডীক সংখ্যালঘুৰ অধিকাৰ, আৰু মুছলমানৰ অধিকাৰ ৰক্ষা আৰু বাক স্বাধীনতা ৰক্ষাৰ বাবে তেওঁ কি পদক্ষেপ ল’বলৈ ইচ্ছুক বুলি সুধিছিল। মোডীয়ে তেওঁৰ উত্তৰত ভাৰতত গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ কথা কৈছিল।

অনুষ্ঠানটোৰ পিছত অনলাইনত তেওঁৰ উদ্দেশ্য আৰু তেওঁৰ ঐতিহ্যৰ বিষয়কে ধৰি ছিদ্দিকীক ট্ৰ’ল কৰা হৈছিল।

লগতে পঢ়ক: কাজিয়াৰ সময়ত ‘অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়’; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

“যিহেতু কিছুমানে মোৰ ব্যক্তিগত পটভূমিৰ এটা কথা ক’বলৈ বাছি লৈছে, গতিকে সম্পূৰ্ণ ছবি এখন আগবঢ়োৱাটো সঠিক যেন লাগে। কেতিয়াবা পৰিচয়বোৰ দেখাতকৈ অধিক জটিল হৈ পৰে।’ ছিদ্দিকীয়ে ২৪ জুনত ফটোৰ কেপচন অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ চাৰ্ট পিন্ধা আৰু তেওঁৰ আন এখন (টিম ইণ্ডিয়াৰ ৰঙৰ) ফটো আৰু পিতৃৰ ফটোৰে সৈতে ২০১১ চনৰ ভাৰতে জয়লাভ কৰা বিশ্বকাপ চাই থকা ফটো সংলগ্ন কৰি টুইট কৰিছিল ।

২৬ জুনত কিৰ্বিৰ মন্তব্যৰ কিছু সময়ৰ পিছতে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে কিৰ্বিৰ বাৰ্তা পুনৰবাৰ উল্লেখ কৰে।

প্ৰেছ সচিবগৰাকীয়ে কয় যে আমি সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি দায়বদ্ধ, যাৰ বাবে আমি যোৱা সপ্তাহত সংবাদমেলখন অনুষ্ঠিত কৰিছিলো।

জিন-পিয়েৰে কয় যে, “আমি নিশ্চিতভাৱে নিজৰ কাম কৰিবলৈ চেষ্টা কৰা যিকোনো সাংবাদিকক ভয় দেখুৱাই বা হাৰাশাস্তি কৰাৰ যিকোনো প্ৰচেষ্টাক গৰিহণা দিছো।”

জিন পিয়েৰক সোধা হৈছিল যে ভাৰতত অধিকাৰ সম্পৰ্কীয় প্ৰশ্নৰ মোডীৰ উত্তৰ বাইডেনে মানি লৈছিল নেকি?

লগতে পঢ়ক: ভৰ দুপৰীয়া মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল Uber; কিন্তু কিয় জানেনে?

“মই ভাবো যে সেইটো প্ৰধানমন্ত্ৰীয়ে দিয়া উত্তৰ আৰু— আপোনালোক সকলোৱে ইয়াৰ সমালোচনা কৰিছে বা লিখিছে। মই ইয়াত সেই বিষয়ে আলোচনা নকৰো।’ বাইডেন প্ৰশাসন সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি দায়বদ্ধ আৰু সেইবাবেই হোৱাইট হাউছে কেৱল বাইডেনৰ পৰাই নহয়, লগতে মোডীৰ পৰাও সংবাদ মাধ্যমে শুনাটো গুৰুত্বপূৰ্ণ বুলি ভাৱিছিল। প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ পৰা খুব কমেইহে প্ৰশ্ন লৈছিল।

আনহাতে, ভাৰতৰ মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ মাজত হোৱা কথা-বতৰাৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰি জিন-পিয়েৰে মাথোঁ কয় যে বাইডেনে আন এজন নেতাৰ সৈতে সেই প্ৰশ্নসমূহ উত্থাপন কৰিবলৈ “কেতিয়াও সংকোচ নকৰে”।

Related News