NORTHEAST NOW (Assamese)

হোৱাইট হাউছৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আনফলো; ভাৰতৰ ৰাজনৈতিক মহলত জোকাৰণি

April 30, 2020 5:27 pm · এন ই নাও নিউজ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যালয় হোৱাইট হাউছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আনফলো কৰাৰ ঘটনাই ভাৰতৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

ইতিমধ্যে এই ঘটনাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোৱাইট হাউছে কয় যে যেতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে কোনো এখন দেশ ভ্ৰমণৰ বাবে যায়, তেতিয়া তেওঁ কিছু সময়ৰ বাবে সেই দেশখনৰ মুখিয়াসকলৰ টুইটাৰ একাউণ্টসমূহ ফলো কৰে।

ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত উক্ত দেশখনৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে কৰা টুইটসমূহ যাতে ৰিটুইট কৰাত সুবিধা হয় তাৰ বাবেই তেওঁলোকৰ একাউণ্টসমূহ ফলো কৰে বুলি মন্তব্য কৰে হোৱাইট হাউছে।

বুধবাৰে হোৱাইট হাউছে কয় যে ফেব্ৰুৱাৰিত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত ভ্ৰমণৰ সময়ত হোৱাইট হাউছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰধান মন্ত্ৰী কাৰ্যালয়, আমেৰিকাস্থিত ভাৰতীয় দূতাবাস, ভাৰতস্থিত আমেৰিকা দূতাবাস আদিৰ টুইটাৰ হেণ্ডেল ফলো কৰিছিল।

চলিত সপ্তাহত হোৱাইট হাউছে এই সকলোকে আনফলো কৰা বুলি জানিবলৈ দিয়ে।

হোৱাইট হাউছৰ এই সিদ্ধান্তৰ পিছতে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ হোৱাইট হাউছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী মোদীক আনফলো কৰাৰ বাবে নিৰাশ হোৱা বুলি মন্তব্য কৰে।

Related News