দুবছৰৰ ভিতৰত শেষ হ’ব কৰ’না মহামাৰী: বিশ্ব স্বাস্থ্য সংস্থা
দুবছৰৰ ভিতৰত কৰ’ৰনা মহামাৰীৰ পৰা সকাহ পোৱা যাব বুলি আশা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ ঘেব্ৰিয়াছুছে।
তেওঁ কয় যে এটা শতিকাত এনেকুৱা এক স্বাস্থ্য সংকট আহেই যদিও উন্নত প্ৰযুক্তি তথা বিজ্ঞানৰ বিকাশৰ বাবে ইয়াৰ পৰা শীঘ্ৰেই মুক্তি পোৱা যাব।
বিশ্বায়নৰ ফলত যিদৰে কৰ’নাৰ ক্ষিপ্ৰ সংক্ৰমণ ঘটিছে,সকলোৱে সন্মিলিতভাৱে চেষ্টা চলালে দুবছৰৰ ভিতৰত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব।
১৯১৮চনত যি ফ্লুৱে গোটেই বিশ্বত সংহাৰ সৃষ্টি কৰিছিল সেয়া বহুদিন ধৰি চলিছিল। কিন্তু টেড্ৰ’ছে আশা কৰে যে পূৰ্বতকৈ উন্নত স্বাস্থ্য ব্যৱস্থাৰ ফলত এয়া মোকাবিলা কৰাটো সহজ হ’ব।
বিশ্ব স্বাস্থ্য সংস্থাৰ ইমাৰ্জেন্সি শাখাৰ মুৰব্বী মাইকেল ব্ৰায়ানে কয় যে ১৯১৮ চনৰ মহামাৰী তিনিটা পৰ্যায়ত আহিছিল।
১৯১৮চনৰ শীতকালত দ্বিতীয় পৰ্যায়ত এই মহামাৰীয়ে চৰম অৱস্থা লাভ কৰিছিল। কিন্তু এইবাৰৰ ভাইৰাছৰ ক্ষেত্ৰত তেনেধৰণৰ চৰিত্ৰ দেখা যোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
কৰ’না ভাইৰাছৰ সংহাৰ আকৌ আহিব তেনেধৰণৰ ইংগিত লাভ কৰা নাই বুলি উল্লেখ কৰি ব্ৰায়ানে কয় যে বহু মহামাৰীৰ ভাইৰাছ শেষলৈকে এটা নিৰ্দিষ্ট ছিজনত আহে। কিন্তু কৰ’নাৰ বৰ্তমান গতি সেইদিশে ধাৱমান নহয়।