NORTHEAST NOW (Assamese)
অসম

আৰম্ভ হৈ গৈছে কৰ’নাৰ তৃতীয় ঢৌ; সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2021 6:25 pm
who-2_062320083514-new-750x375-1

কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়ে সতৰ্ক কৰি দিছে। বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে কয়,’’দুৰ্ভাগ্যজনকভাৱে আমি ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰাথমিক পৰ্যায়ত প্ৰৱেশ কৰিছো।‘’

তেওঁ কয়,’’কিছুমান দেশে ভেকচিনৰ অভাৱ আৰু ভেকচিন লোৱা হৈ যোৱা দেশসমূহত কৰ’না বিধি মনাৰ ক্ষেত্ৰত গাফিলতিয়েই আমাক কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰাথমিক পৰ্যায়লৈ লৈ আনিছে।‘’

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে পৰামৰ্শ দি কয়,’’ছেপ্টেম্বৰৰ ভিতৰতেই পৃথিৱীৰ আটাইকেইখন দেশেই তেওঁলোকৰ জনসংখ্যাৰ কমেও ১০শতাংশক ভেকচিন দিয়া কাম সম্পূৰ্ণ কৰিব লাগিব। সেইদৰে, চচলিত বছৰৰ শেষলৈকে প্ৰতিখন দেশেই তেওঁলোকৰ কমেও ৪০শতাংশক ভেকচিন দিব লাগিব।‘’

বিশেবৰ ১১১খন দেশে ইতিমধ্যে ডেল্টা ভেৰিয়েন্টক লৈ দুশ্চিন্তাত ভূগিছে। টেড্ৰ’ছে জানিবলৈ দিয়ে যে ডেল্টাৰ বিস্তাৰ তথা ইয়াৰ লগতে মানুহৰ কৰ’না বিধি উলংঘাৰ প্ৰৱনতাৰ ফলত বিশ্বৰ অধিকাংশ দেশতে নতুনকৈ সংক্ৰমণ ঘটিবলৈ ধৰিছে আৰু সেইদৰে মৃত্যুৰ সংখ্যাও বাঢ়িছে।

কৰ’নাৰ এনে উৰ্ধগামী পৰিসংখ্যালৈ চাইয়েই তৃতীয় ঢৌক লৈ সতৰ্ক কৰি দি বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে কৰ’না ভাইৰাছে ক্ৰমে ইয়াৰ ৰূপ সলনি কৰিছে আৰু যে অধিক সংক্ৰামক হৈ পৰিছে সেই কথা পাহৰিলে নহ’ব।