NORTHEAST NOW (Assamese)
অসম

মানৱ অংগ সৰবৰাহত কলকাতাৰ হাস্পাতাল ‘জড়িত’ৰ অভিযোগ; তদন্ত বিচাৰি মমতালৈ গৌৰৱ গগৈৰ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2021 7:08 pm
New-Project-1-7-750x375

মানৱ অংগৰ সৰবৰাহৰ সৈতে কলকাতাস্থিত  এখন হাস্পাতাল জড়িত থকাৰ অভিযোগৰ এক তদন্তৰ আহ্বান জনাই অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখিছে।

উল্লেখ্য যে কেনেকৈ মানৱ অংগৰ মাফিয়াই অসমৰ চাহ বাগিছাৰ শ্ৰমিকক লক্ষ্য কৰি লৈছে সেই কথা সদৰী কৰি ‘নৰ্থইষ্ট নাও’ৱে এক আছুতীয়া প্ৰতিবেদন প্ৰকাশ কৰাৰ এদিন পাছতে গৌৰৱ গগৈয়ে এই পত্ৰখন লিখিছে।

সেই আছুতীয়া প্ৰতিবেদন অনুসৰি, এজন ‘এজেন্টে’ ৰামু কৰ্মকাৰ নামৰ এজন চাহ শ্ৰমিকক যোৱা এপ্ৰিলত ৩.৫লাখ টকাৰ বিনিময়ত তেওঁৰ এটা কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল।

অতি গুৰুত্বপূৰ্ণ ভাৱে, কৰ্মকাৰৰ কিডনী উলিয়াই নিয়া অস্ত্ৰোপচাৰটো কলকাতাৰ এখন হাস্পাতালত কৰা হৈছিল।

Tripura-cabinet-1564740100-1

গৌৰৱ গগৈয়ে তেওঁৰ পত্ৰখনত উল্লেখ কৰিছে,’’চক্ৰটোৰ সম্পৰ্ক কলকাতাৰ লগত পোৱা গৈছে… সকলোবোৰ কাম কলকাতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ কাৰ্ডিয়াক ছায়েন্সেছত সম্পন্ন হৈছিল।‘’

গগৈয়ে লগতে লিখিছে,’’মই আপোনাক আৰক্ষীক এই বিষয়ে এক তদন্তৰ নিৰ্দেশ দিবলৈ আৰু সংবাদ মাধ্যমৰ এই অভিযোগৰ বিষয়টো পুনৰীক্ষণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো।‘’

 

বিশ্বস্ত সূত্ৰসমূহৰ মতে, মানৱ অংগৰ মাফিয়া শেহতীয়াভাৱে ডিব্ৰগড় জিলাৰ চাহ বাগিছাসমূহত অতি সক্ৰিয়া হৈ পৰিছে।

‘’কিডনী সৰবৰাহৰ চক্ৰটো চাহ বাগিছা অঞ্চলসমূহত সক্ৰিয় হৈ পৰিছে। একাংশ স্থানীয় লোকে তেওঁলোকক তথ্য যোগান ধৰি সহায় কৰি আছে,’’-সূত্ৰসমূহে কয়।