NORTHEAST NOW (Assamese)

মাংকি পক্সৰ ভয়াৱহতা! শিশু আৰু গৰ্ভৱতী মহিলাক সাৱধানে থকাৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাৰ

June 9, 2022 9:39 pm · এন ই নাও নিউজ, গুৱাহাটী

ক’ভিডৰ গ্ৰাসৰ পৰা সমগ্ৰ বিশ্ব ক্ৰমশ: মুক্তিলাভ কৰাৰ পাছতে আন এক ৰোগে সৃষ্টি কৰিছে ত্ৰাসৰ মাংকি পক্স নামৰ এই ৰোগবিধৰ ভয়াৱহতা সন্দৰ্ভত এক বিশেষ সতৰ্ক বাণী প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্বৰ কেইখনমান দেশত মাংকি পক্সৰ সামূহিক সংক্ৰমণ ঘটিছে বুলি আজি বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰতিবেদনত উল্লেখ কৰিছে৷ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিশু আৰু গৰ্ভৱতী মহিলাসকলে সতৰ্ক হৈ থকা উচিত বুলি বিশ্ব স্বাস্থ্য সংস্থাই সাৱধানবাণী শুনাইছে৷

উল্লেখ্য যে বিশ্বত বৰ্তমানলৈকে ২৯ খন দেশৰ হাজাৰৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ মাংকি পক্সৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাই অহাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিবেদনত শিশু আৰু গৰ্ভৱতী মহিলাকে ধৰি দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোকসকলৰ সংক্ৰমণৰ বিপদাশংকা বেছি বুলি উল্লেখ কৰিছে।

সামূহিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিমান যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো বিশ্ব স্বাস্থ্য সংস্থাই বিশেষ গুৰুত্ব দিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান অধানম ঘেব্ৰেয়েচাছে এক সংবাদমেলত কয় যে ২৯ খন দেশত এহেজাৰৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে যদিও কোনো দেশৰ পৰা এতিয়ালৈকে মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

মাংকি পক্স নামৰ এই ৰোগ সৃষ্টিকাৰী ভাইৰাছবিধ কেতবোৰ বিশেষ প্ৰাণী যেনে নিগনি আদিৰ দ্বাৰা বিয়পিব পাৰে বুলি সন্দেহ কৰা হৈছিল৷ ১৯৫৮ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এই ৰোগটো চিনাক্ত কৰিছিল৷ সেই সময়ত বান্দৰৰ ক্ষেত্ৰত “পক্স সদৃশ” ৰোগ ধৰা পৰিছিল৷

আনহাতে মানৱ দেহৰ ক্ষেত্ৰত এই ৰোগ ধৰা পৰিছিল ১৯৭০ চনত। প্ৰথমবাৰৰ বাবে কঙ্গোৰ এটি ৯ বছৰীয়া শিশুৰ দেহত এই ৰোগ ধৰা পৰিছিল।

উল্লেখ্য যে মাংকি পক্সত আক্ৰান্ত ৰোগীয়ে জ্বৰ, শৰীৰৰ বিষ, ঠাণ্ডা লগা আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণত ভোগে। ৰোগ অধিক গুৰুতৰ হ’লে আক্ৰান্ত লোকৰ মুখ আৰু হাতত চোকোৰা বান্ধে আৰু ঘা হ’ব পাৰে৷ সেই ঘা শৰীৰৰ আন অংশলৈ বিয়পি পৰিব পাৰে।

Related News