NORTHEAST NOW (Assamese)

গৌৰৱ গগৈ কোন? মই চিনি নাপাওঁ : নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা

March 23, 2019 5:28 pm · এন ই নাও নিউজ

‘গৌৰৱ গগৈ কোন? মই চিনি নাপাওঁ, তেওঁ কাৰোবাক প্ৰতিনিধিত্ব কৰে।’ বোকাখাতত আজি অনুষ্ঠিত এক নিৰ্বাচনী সভাত সংসাদ গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ।

কলিয়াবৰ লোকসভা সমষ্টিত অগপ-বিজেপি মিত্ৰযোটৰ প্ৰাৰ্থী হিচাপে শুকুৰবাৰে অৰ্থাৎ ২২ মাৰ্চত মণি মাধৱ মহন্তৰ নাম ঘোষণা কৰে। ইয়াৰ পিছতে আজি বোকাখাতত অনুষ্ঠিত হয় নিৰ্বাচনী সভা। এই নিৰ্বাচনী প্ৰচাৰ সভা আহ্বান কৰে অগপ, বিজেপি আৰু গণশক্তিয়ে৷

নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় অগপ, বিজেপি আৰু গণশক্তিৰ নেতৃত্ব যথেষ্ট শক্তিশালী। গতিকে অগপক পুনৰ শক্তিশালী কৰিবৰ বাবে হিমন্তই আহ্বান জনায়।

তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মোদীক পুনৰ প্ৰধানমন্ত্ৰী কৰাৰ স্বাৰ্থতে পুনৰ অগপৰ সৈতে মিত্ৰতা হৈছে। প্ৰতিটো ৰাজনৈতিক দলৰে সাংগঠনিক ভেটি দৃঢ় কৰাৰ অধিকাৰ আছে। কলিয়াবৰত অগপ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ বিজেপি আৰু গণশক্তিৰ কৰ্মীৰ দায়িত্ব বেছি। এই নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন।

ইফালে সভাত  বিৰোধী দলৰ হৈ প্ৰতিদন্দ্বিতা আগবঢ়োৱা সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকো মন্ত্ৰী হিমন্তই তীব্ৰ সমালোচনা কৰে। লগতে কংগ্ৰেছ আৰু এই আই ইউ ডি এফৰ মাজত চৰ্চিত হৈ থকা মিত্ৰতাসন্দৰ্ভত শৰ্মাই কয় যে ‘পুত্ৰমোহত বন্দী তৰুণ গগৈয়ে আজমলক আঁকোৱালি ল’ব পাৰে, কিন্তু আমি নলওঁ।’

Related News